আজিৰে পৰা পলাশবাৰী আঞ্চলিক হাইস্কুল খেলপথাৰত‌ প্রাইজমানি ফুটবল খেল প্রতিযোগিতা

পশ্চিম গুৱাহাটী স্পোর্টচ্ ক্লাৱৰ উদ্যোগত শনিবাৰৰ পৰা ৯ নৱেম্বৰলৈ দুদিনীয়া কাৰ্যসূচীৰে পি এম শ্ৰী পলাশবাৰী আঞ্চলিক হাইস্কুল খেলপথাৰত প্ৰাইজমানী ফুটবল খেল প্রতিযোগিতা অনুষ্ঠিত হয়

author-image
Asomiya Pratidin
New Update
158

ডিজিটেল সংবাদ, পলাশবাৰী : পশ্চিম গুৱাহাটী স্পোর্টচ্ ক্লাৱৰ উদ্যোগত শনিবাৰৰ পৰা ৯ নৱেম্বৰলৈ দুদিনীয়া কাৰ্যসূচীৰে পি এম শ্ৰী পলাশবাৰী আঞ্চলিক হাইস্কুল খেলপথাৰত প্ৰাইজমানী ফুটবল খেল প্রতিযোগিতা অনুষ্ঠিত হয়।  কাৰ্যসূচী অনুসৰি আজি পুৱা পশ্চিম গুৱাহাটী স্পোর্টচ্ ক্লাবৰ পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি তথা গাওঁবুঢ়া হৰেণ কলিতাই ।  

আনফালে আঞ্চলিক ফুটবল ক্লাবৰ পতাকা উত্তোলন কৰে মাজিৰগাঁও গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি নৱজ্যোতি মহন্তই। ইয়াৰ পিছতে অসম আৰু অসমীয়াৰ প্ৰাণ, হার্টথ্রব প্রয়াত জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্রদ্ধাঞ্জলি অর্পন, বন্তি প্রজ্বলন কৰে কামৰূপ মহানগৰ জিলা বিজেপিৰ সভাপতি তপন দাস, পি.এম.শ্রী পলাশবাৰী আঞ্চলিক হাইস্কুলৰ প্রধান শিক্ষক খগেন মেধি, মাজিৰগাঁও গাঁও পঞ্চায়তৰ সভানেত্ৰী ববিতা বৈশ্যই। অনুষ্ঠানত দৈনিক অসমৰ জ্যেষ্ঠ সাংবাদিক অনিল কলিতা, সাংবাদিক জিতুমণি দাস, অভিজিৎ কলিতাক সম্বর্ধনা জনায়। 

ইয়াৰ পিছতে খেল উদ্ধোধন কৰে ৰামছৰানী জিলা পৰিষদ সদস্য কুশল দাসে। উক্ত প্রতিযোগিতাখনিত ১৬টা দলে অংশ গ্ৰহণ কৰে। আজি ৮ টা দলৰ মাজত খেল অনুষ্ঠিত হয়। উদ্বোধনী খেলখন ঈগল এফ চি আৰু আঞ্চলিক এফ চিৰ মাজত অনুষ্ঠিত হয়।  আনহাতে ৯ নৱেম্বৰত সামৰণি খেলখন অনুষ্ঠিত হ'ব।

ফুটবল