/asomiyapratidin/media/media_files/2025/08/08/39-2025-08-08-19-12-45.jpg)
ডিজিটেল সংবাদ, মেৰাপানী : গোলাঘাট জিলাৰ অসম -নগালেণ্ড সীমান্তৰ মেৰাপানীৰ ২ নং নেঘেৰি বিলত শুকুৰবাৰৰ পৰা প্ৰশাসনে সন্দেহযুক্ত অবৈধ বেদখলকাৰীৰ বাৰুদ্ধে অভিযান আৰম্ভ কৰিছে। আজি পুৱাৰে পৰা কিনকিনিয়া বৰষুণৰ মাজতে প্ৰশাসনে উচ্ছেদ অভিযান অব্যাহত ৰাখিছে।
অভিযানত আৰক্ষী, বন বিভাগ আৰু প্ৰশাসনৰ লোকে অংশগ্ৰহণ কৰিছে। অৱশ্যে অঞ্চলটোৰ ৫৯ টা পৰিয়ালক ১৪ আগষ্টলৈকে অতিৰিক্ত সময় দিয়াত বৰ্তমান তেওঁলোকক উচ্ছেদ কৰিব নোৱাৰিব।
ইফালে নগাই উচ্ছেদক সমৰ্থন কৰিছে যদিও সেই ভূমি নগালেণ্ডৰ বুলি দাবী কৰি উচ্ছেদৰ পাছতে দখল কৰাৰ হুংকাৰ দিয়াত স্থানীয় খিলঞ্জীয়া ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।