ধুবুৰীত আজিৰে পৰা নৱম গুৰু শ্ৰী গুৰু তেগ বাহাদুৰ চাহিবজীৰ ৩৫০ সংখ্যক শ্বহিদ দিৱস

দেওবাৰে ধুবুৰী চহৰত নৱম গুৰু শ্ৰী গুৰু তেগ বাহাদুৰ চাহিবজীৰ ৩৫০ সংখ্যক শ্বহিদ দিৱস উপলক্ষে নগৰ কীৰ্তন উলিওৱা হয়। ঐতিহ্যমণ্ডিত ধুবুৰী গুৰুদ্বাৰত এই উপলক্ষে অগণণ ভক্ত প্ৰাণ ৰাইজৰ সমাগম হোৱা পৰিলক্ষিত হৈছে

author-image
Asomiya Pratidin
New Update
288

ডিজিটেল সংবাদ, ধুবুৰী : দেওবাৰে ধুবুৰী চহৰত নৱম গুৰু শ্ৰী গুৰু তেগ বাহাদুৰ চাহিবজীৰ ৩৫০ সংখ্যক শ্বহিদ দিৱস উপলক্ষে নগৰ কীৰ্তন উলিওৱা হয়। ঐতিহ্যমণ্ডিত ধুবুৰী গুৰুদ্বাৰত এই উপলক্ষে অগণণ ভক্ত প্ৰাণ ৰাইজৰ সমাগম হোৱা পৰিলক্ষিত হৈছে।

আজিৰে পৰা শিখ প্ৰতিনিধি বোৰ্ড ইষ্টাৰ্ণ জোনৰ উদ্যোগত ধুবুৰীত তিনি দিনীয়া বিস্তৃত কাৰ্যসূচীৰ শ্বহিদী দিৱস উদযাপন কৰাৰ বাবে ব্যাপক আয়োজন কৰিছে। আজি প্ৰথম দিনা চহৰখনৰ বিভিন্ন অঞ্চলেদি বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে দেশ তথা ৰাজ্যেৰ দহৰ পৰা পোন্ধৰ সহস্ৰাধিক লোক নগৰ কীৰ্তন সমদলত অংশগ্ৰহণ কৰে।ধুবুৰীৰ ঐতিহ্যমণ্ডিত শিখ মন্দিৰত আজিৰে পৰা ২৫ নৱেম্বৰ লৈকে ৩ দিনীয়া বিস্তৃত কাৰ্যসূচীৰে শিখ ধৰ্মাৱলম্বী লোক সকলৰ নৱম গুৰু শ্ৰী গুৰু তেগ বাহাদুৰ চাহিবজীৰ ৩৫০ সংখ্যক শ্বহিদী দিৱসৰ বিভিন্ন কাৰ্যসূচী আৰম্ভ হৈছে।

নৱম গুৰু শ্ৰী গুৰু তেগ বাহাদুৰ চাহিবজীৰ ৩৫০ সংখ্যক শ্বহিদী দিৱস উপলক্ষে দেশ- বিদেশৰ লগতে ৰাজ্যখনৰ বিভিন্ন অঞ্চলৰ লোকে তিনিখন বিশেষ ৰে'লৰে ইতিমধ্যে ধুবুৰীত আহি উপস্থিত হৈছে।

ধুবুৰী