/asomiyapratidin/media/media_files/2026/03/08/new-ap-web-1-2026-03-08-10-32-24.jpeg)
ডিজিটেল ডেস্কঃ আপোনাৰ শিশুটিয়েও অতি মাত্ৰা সামাজিক মাধ্যম ব্যৱহাৰ কৰে নেকি? যদি কৰে তেন্তে এতিয়াৰেপৰা আপোনাৰ শিশুটিক ব্যৱহাৰ কৰিব নিদিব সামাজিক মাধ্যম। সামাজিক মাধ্যম ব্যৱহাৰৰ ক্ষেত্ৰত চৰকাৰ কঠোৰ হৈছে। কৰ্ণাটকৰ পাছত অন্ধ্ৰপ্ৰদেশ চৰকাৰে গ্ৰহণ কৰিছে কঠোৰ পদক্ষেপ। বিশেষকৈ ১৬ বছৰ বয়সৰ তলৰ শিশুৰ ক্ষেত্ৰত সামাজিক মাধ্যমৰ ব্যৱহাৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে ৷
/filters:format(webp)/asomiyapratidin/media/media_files/2026/03/08/whatsapp-image-20-2026-03-08-10-28-12.jpeg)
শুকুৰবাৰে অন্ধ্ৰপ্ৰদেশৰ এন চন্দ্ৰবাবু নাইডুৱে এই কথা ঘোষণা কৰে। তেওঁ কয় যে- ৰাজ্য চৰকাৰে ১৩-১৬ বছৰ বয়সৰ শিশুৰ ক্ষেত্ৰত এই নিষেধাজ্ঞা আৰোপ কৰাৰ কথা চিন্তা কৰিছে যদিও বিশেষজ্ঞৰ পৰামৰ্শ লৈহে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব ৷আমি নিশ্চিত কৰিম যে ৯০ দিনৰ ভিতৰত ১৩ বছৰ বয়সৰ তলৰ শিশুৱে যাতে সামাজিক মাধ্যমৰ ব্যৱহাৰ কৰিব নোৱাৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us