২১ জানুৱাৰী পৰা ৮ ফেব্ৰুৱাৰীলৈকে চিলাপথাৰ, ধেমাজি আৰু ঢকুৱাখনাকে ধৰি তিনি ঠাইত সন্তোষ ট্ৰফী

অসম ফুটবল সন্থাৰ আমন্ত্ৰণক্ৰমে অহা ২১ জানুৱাৰীৰপৰা ৮ ফেব্ৰুৱাৰীলৈ ধেমাজি জিলাৰ চিলাপথাৰ, ধেমাজি আৰু লখিমপুৰ জিলাৰ ঢকুৱাখনাত অনুষ্ঠিত হ'ব ৰাষ্ট্ৰীয় পৰ্যায়ৰ গুৰুত্বপূৰ্ণ ফুটবল প্ৰতিযোগিতা 'সন্তোষ টফী’ৰ মূল ৰাউণ্ডৰ খেলসমূহ

author-image
Asomiya Pratidin
New Update
661

ডিজিটেল সংবাদ, ধেমাজি : অসম ফুটবল সন্থাৰ আমন্ত্ৰণক্ৰমে অহা ২১ জানুৱাৰীৰপৰা ৮ ফেব্ৰুৱাৰীলৈ ধেমাজি জিলাৰ চিলাপথাৰ, ধেমাজি আৰু লখিমপুৰ জিলাৰ ঢকুৱাখনাত অনুষ্ঠিত হ'ব ৰাষ্ট্ৰীয় পৰ্যায়ৰ গুৰুত্বপূৰ্ণ ফুটবল প্ৰতিযোগিতা 'সন্তোষ টফী’ৰ মূল ৰাউণ্ডৰ খেলসমূহ ৷ সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ ৭৯ সংখ্যক ৰাষ্ট্ৰীয় ফুটবল চেম্পিয়নশ্বিপ "সন্তোষ ট্ৰফী"ৰ মূল ৰাউণ্ডৰ প্ৰতিযোগিতা আয়োজনৰ বাবে বৰ্তমান তিনিওটা স্থানতে ব্যাপক প্ৰস্তুতি অব্যাহত ৰাখিছে আয়োজক সমিতিয়ে ৷

WhatsApp Image 2026-01-20 at 9.52.50 PM

সন্মানজনক খেল প্ৰতিযোগিতাখনিৰ ছেমি ফাইনেল আৰু ফাইনেল প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ বাবে সাজু কৰা ধেমাজি দেউৰীবিলৰ নিৰ্মীয়মান ক্ৰীড়া প্ৰকল্পত সোমবাৰে  বিয়লি অসম চৰকাৰৰ শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে উপস্থিত হৈ খেলপথাৰ পৰিদৰ্শন কৰি প্ৰস্তুতিৰ বুজ লয় ৷ উল্লেখ্য যে, মুঠ ১২ টা দলে অংশগ্ৰহণ কৰিব লগা প্ৰতিযোগিতাখনিৰ আৰম্ভণী খেলখন অহা ২১ জানুৱাৰীত চিলাপথাৰ ষ্টেডিয়ামত অনুষ্ঠিত হ'ব।

WhatsApp Image 2026-01-20 at 9.52.50 PM (1)

একেদৰে খেলখনত ঘৰুৱা দল অসমে তামিলনাডুৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব ৷ ইফালে ঢকুৱাখনাত দুখনকৈ খেল অনুষ্ঠিত হ'ব ৷ প্ৰথমখন খেল উত্তৰাখণ্ডৰ আৰু ৰাজস্হানৰ মাজত দ্বিতীয় খেল ৱেষ্ট বেংঙ্গল আৰু নাগালেণ্ডৰ মাজত ৷ 

উদ্যোক্তাসকলৰ পৰা জানিব পৰা মতে ২ আৰু ৩ ফেব্ৰুৱাৰীত কোৱাৰ্টাৰ ফাইনেল, ৫ ফেব্ৰুৱাৰীত ছেমি ফাইনেল আৰু ৮ ফেব্ৰুৱাৰীত ফাইনেল অনুষ্ঠিত হ'ব ৷ অহা কাইলৈ উদ্ধোধনী খেলখনি পুৱা ১১ বজাত অনুষ্ঠিত হ'ব ৷উল্লেখ্য যে অসমে ইয়াৰ আগেয়ে ২০১০-১১চনত অন্তিমবাৰৰ বাবে সন্তোষ ট্ৰফী ফাইনেল ৰাউণ্ডৰ খেল গুৱাহাটীত অনুষ্ঠিত কৰিছিল ৷ সেই খেলত পশ্চিম বংগই মণিপুৰক পৰাস্ত কৰিছিল ৷ 

সন্তোষ ট্ৰফী