বন্ধু ! মই আছো... পবিত্ৰ মাৰ্ঘেৰিটা

বিদায় বন্ধু ! কেনেদৰে দিওঁ তোমাক চিৰবিদায় ! মনত পৰিছে সেই সোণালী সুদিনবোৰলৈ। একেলগেইটো আছিলো আমি। এটা- দুটা দিন নহয়, ১০টা বছৰ একেখন বিচনাতে কটাইছিলো উজাগৰী নিশা। মায়া, অনামিকা আৰু কত যে কথা।

author-image
Asomiya Pratidin
New Update
387

ডিজিটেল ডেস্ক : বিদায় বন্ধু ! কেনেদৰে দিওঁ তোমাক চিৰবিদায় ! মনত পৰিছে সেই সোণালী সুদিনবোৰলৈ। একেলগেইটো আছিলো আমি। এটা- দুটা দিন নহয়, ১০টা বছৰ একেখন বিচনাতে কটাইছিলো উজাগৰী নিশা। মায়া, অনামিকা আৰু কত যে কথা।

মনত পৰিছে সেই পুৰণি দিনবোৰৰ স্মৃতিবোৰলৈ। আৱেগিক হৈ পৰিছিল পবিত্ৰ মাৰ্ঘেৰিটা। চকুত আছিল চকুপানী, হাতত আছিল ফুলৰ থোপা। নিৰ্বাক হৈছিল বহু কথা। ছিংগাপুৰৰ পৰা অহা বিমানৰ পৰা নমাই অনা হৈছিল জুবিনৰ নশ্বৰ দেহটো। খোলা হোৱা নাছিল কফিন।

তথাপিও যেন এটা গান হৈ জী উঠিছিল জুবিন। পুৰণি দিনৰ স্মৃতিবোৰে ৰোমন্থনৰ নিজৰাত উটি- ভাহি ফুৰিছিল। মুখ্যমন্ত্ৰীয়ে ৰাজ্যবাসীৰ হৈ জুবিনৰ সেই প্ৰিয় গীত মায়াৱিনী গাই নষ্টালজিক হৈ পৰিছিল। কাষত থিয় হৈ পবিত্ৰ মাৰ্ঘেৰিটাই আওঁৰাইছিল মায়াৱিনী এই ৰাতি।

তাৰ পাছতে সংযোগ স্থাপন কৰা হৈছিল পবিত্ৰ মাৰ্ঘেৰিটাৰ সৈতে। অসমীয়া প্ৰতিদিন ডিজিটেলক কৈছিল আৱেগিক হৈ- এইবোৰ পুৰণি দিনৰ কথা। বন্ধুৰ সৈতে আজি উভটিত ঘৰলৈ শেষবাৰৰ বাবে। আগা-ডেৱা কৰিছে অনেক কথাই। 

এই মুহূৰ্তত তেওঁৰ এটা দায়িত্ব- লৈ যাব লাগে বন্ধুক ঘৰলৈ। সাৰে থাকক বা নাথাকক, উজাগৰে আছে তেওঁ বন্ধুৰ সৈতে। এয়া তেওঁৰ দায়িত্ব বুলি ভাবে। জুবিন গাৰ্গৰ অন্তিত যাত্ৰাত দিল্লীৰ পৰা এনেকৈয়ে পবিত্ৰ মাৰ্ঘেৰিটা হ'ল বিমানৰ সহযাত্ৰী। চাৰ্টাৰ্ড বিমান উৰিল। বিমানৰ এই যাত্ৰাত আৰু এজন সহযাত্ৰী আছিল। কাৰ চকুত চকুপানী নাছিল। 

পবিত্ৰ মাৰ্ঘেৰিটা