শোণিতপুৰৰ নামেৰী ৰাষ্ট্ৰীয় উদ্যানত উপস্থিত ভাৰতস্থ ফ্ৰান্সৰ ৰাষ্ট্ৰদূত

শোণিতপুৰ জিলাৰ নামেৰী ৰাষ্ট্ৰীয় উদ্যানত উপস্থিত হয় ভাৰতস্থ  ফ্ৰাঞ্চৰ ৰাষ্ট্ৰদূত থিয়েৰী মাথু।

author-image
Asomiya Pratidin
New Update
asxasasa

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ শোণিতপুৰ জিলাৰ নামেৰী ৰাষ্ট্ৰীয় উদ্যানত উপস্থিত হয় ভাৰতস্থ  ফ্ৰাঞ্চৰ ৰাষ্ট্ৰদূত থিয়েৰী মাথু। পৰিবাৰসহ ৰাষ্ট্ৰদূত মাথুৱে নামেৰী ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যঘ্ৰ প্ৰকল্প পৰিদৰ্শন কৰি ৰাষ্ট্ৰীয় উদ্যানখনৰ জৈৱ বৈচিত্ৰ,ইকো টুৰিজিম আৰু দেওহাঁহ সংৰক্ষণ বাবে *ASSAM PROJECT ON FOREST AND BIO DIVERSITY CONSERVATION-Phase -2ৰ অধীনত Agence Francause de Devlopment(AFD) ৰ সহযোগত  ২০২০বৰ্ষৰ পৰা চলি থকা কামৰ প্ৰশংসা কৰে।

ৰাষ্ট্ৰদূত গৰাকীয়ে উদ্যানখন পৰিদৰ্শনৰ সময়ত AFD দিল্লীস্থ দেশৰ সঞ্চালক  Laise Breuil, কলিকতাস্থ ফ্ৰান্সৰ VONSULGENERAL Mr Thiery Morel,Charge de Missi   on-Influence et CooperationMr Samyel Bouchard আৰু APCCF  তথা APFBC ৰ প্ৰকল্প সঞ্চালক অনুৰাগ সিঙে  উদ্যানখনৰ পোটাশালী আঞ্চলিক বন বিষয়াৰ কাৰ্য্যালয়ত এখন সভাত ৰাষ্ট্ৰ দূত অংশ গ্ৰহণ কৰি ৰাষ্ট্ৰদূতসহ ৫ জনীয়া দলটিয়ে ৰাষ্ট্ৰীয় উদ্যানখনৰ পোটাশালীৰ পৰা জীয়াভৰলী পৰ্য্যন্ত জীপ চাফাৰী কৰি ৰাষ্ট্ৰীয় উদ্যানৰ সংৰক্ষণ ব্যৱস্থাৰ শলাগ লৈ উদ্যানৰ ক্ষেত্ৰ সঞ্চালক পিৰাই ছডন, বিক মুকলিকৈ প্ৰশংসা কৰে ৷ প্ৰতিনিধি দলটোক APFBCৰ প্ৰকল্প সঞ্চালক অনুৰাগ সিঙে সংগ দিয়ে। ৰাষ্ট্ৰদূত গৰাকীয়ে উদ্যানত জীপ চাফাৰীৰ পূৰ্বে অনুষ্ঠিত এক সভাত নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ ওৱেবচাইট মুকলি কৰে।

নামেৰী ৰাষ্ট্ৰীয় উদ্যান