ৰাইডঙীয়া জ্যেষ্ঠ নাগৰিক সন্থাৰ কাৰ্যালয়ত ইউৰোলজী বিভাগৰ বিনামূলীয়া চিকিৎসা শিবিৰ

শিশুৰ বাবে উৎসৰ্গিত সংগঠন 'বিকাশ'ৰ সহযোগত, গুৱাহাটীৰ নাৰায়ণা হাস্পতালৰ উদ্যোগত দেওবাৰে ৰাইডঙীয়া জ্যেষ্ঠ নাগৰিক সন্থাৰ কাৰ্যালয়ত ইউৰোলজী বিভাগৰ বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত হয়

author-image
Asomiya Pratidin
New Update
50

ডিজিটেল সংবাদ, বটদ্ৰৱা : শিশুৰ বাবে উৎসৰ্গিত সংগঠন 'বিকাশ'ৰ সহযোগত, গুৱাহাটীৰ নাৰায়ণা হাস্পতালৰ উদ্যোগত দেওবাৰে ৰাইডঙীয়া জ্যেষ্ঠ নাগৰিক সন্থাৰ কাৰ্যালয়ত ইউৰোলজী বিভাগৰ বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত হয়। শতাধিক লোকৰ অংশগ্ৰহণেৰে অনুষ্ঠিত হোৱা এই চিকিৎসা শিবিৰ পৰিচালনা কৰে ডা০ শান্তনু ভট্টাচাৰ্য্যৰ নেতৃত্বত এটি ৫ জনীয়া দলে।

WhatsApp Image 2025-10-26 at 6.50.33 PM

বিকাশৰ প্ৰধান সম্পাদক শংকৰ জ্যোতি শৰ্মাই আঁত ধৰা কাৰ্যসূচীত সভাপতি ললিত মেধিয়ে এগছি বন্তি প্ৰজ্বলন কৰি চিকিৎসা শিবিৰৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত  শিৱ প্ৰসাদ বৰা, কবিন পাতৰ, বিচিত্ৰ নাৰায়ণ শইকীয়া, জগৎ চন্দ্ৰ দাস, দীপ জ্যোতি বৰা, পৰাগ কলিতা, জংকী বৰদলৈ, গৌতম কুমাৰ বৰাকে ধৰি বিকাশৰ কৰ্মকৰ্তাসকল উপস্থিত থাকে।

উক্ত কাৰ্যসূচীত বিকাশৰ কাৰ্যকৰী সভাপতি লাচিত বৰদলৈয়ে "অংশগ্ৰহণকাৰী সকলো ৰোগীৰ আশু আৰোগ্য কামনা কৰা লগতে সহায় সহযোগিতা আগবঢ়োৱা সকলো ধন্যবাদ জ্ঞাপন কৰিছোঁ" বুলি প্ৰকাশ কৰে।

বটদ্ৰৱা