/asomiyapratidin/media/media_files/2026/02/05/hpvvvvvv-2026-02-05-17-11-50.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ বিশ্ব কৰ্কট দিৱসৰ লগত সংগতি ৰাখি নগাঁও ৰটাৰী ক্লাবৰ উদ্যোগত বুধবাৰে মাৰ্চি হাস্পতালত আয়োজিত এক বিনামূলীয়া HPV ভেকচিন প্ৰদান কাৰ্যসূচীৰ শুভ উদ্বোধন কৰে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই। অনুষ্ঠানত উপস্থিত থাকে জিলা আয়ুক্ত দেৱাশীষ শৰ্মা।
জিলা আয়ুক্তগৰাকীয়ে HPV ভেকচিন গ্ৰহণ কৰিবলৈ অহা জিলাখনৰ কেইবাগৰাকীও কিশোৰীক এই ভেকচিনৰ সুফলসমূহৰ বিষয়ে অৱগত কৰাৰ লগতে এক কৰ্কটমুক্ত ভৱিষ্যত গঢ়াৰ ক্ষেত্ৰত ইয়াৰ অপৰিহাৰ্য প্ৰয়োজনীয়তা সম্পৰ্কে সুন্দৰকৈ ব্যাখ্যা আগবঢ়ায়। তেওঁ উল্লেখ কৰে যে, সঠিক সময়ত লোৱা এই সজাগতামূলক পদক্ষেপে কিশোৰীসকলক জৰায়ু মুখৰ কৰ্কট ৰোগৰ দৰে ভয়াৱহ ব্যাধিৰ পৰা সুৰক্ষিত কৰি ৰাখিব।
একেদৰেই আয়ুক্তই সমাজত ধঁপাত, গুটখা, পান মচলা আদি গ্ৰহণৰ ফলত হোৱা বিভিন্ন কুফলসমূহৰ বিষয়েও আলোকপাত কৰি সকলোকে এই মাৰাত্মক নিচাৰ পৰা আঁতৰি থাকিবলৈ বিশেষভাৱে আহ্বান জনায়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us