বৰহোলাত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ

এই স্বাস্থ্য পৰীক্ষা শিবিৰত দুই শতাধিক ৰোগীক বিনামূলীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰোৱাৰ লগতে ঔষধ বিতৰণ কৰা হয় ৷

author-image
Asomiya Pratidin
New Update
fdsffghghg

ডিজিটেল সংবাদ, ঘিলাধাৰীঃ আজি যোৰহাটৰ তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ সামাজিক দায়বদ্ধতা বিভাগৰ উদ্যোগত, বৰহোলা সামূহিক স্বাস্থ্য কেন্দ্ৰ আৰু বৰহোলা শিশু ভাওনা সমাৰোহৰ সহযোগত বৰহোলা চাহ বাগিচাৰ স্বাস্থ্য কেন্দ্ৰত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা আৰু ঔষধ বিতৰণৰ এক শিবিৰ অনুষ্ঠিত হয়৷

Capturedfsrdf

যোৰহাট তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ ২০২৫-২৬ বৰ্ষৰ সামাজিক দায়বদ্ধতা বিভাগৰ জনস্বাস্থ্য অভিযান শীৰ্ষক কাৰ্যসূচীৰ আধাৰত অনুষ্ঠিত হোৱা এই স্বাস্থ্য পৰীক্ষা শিবিৰত দুই শতাধিক ৰোগীক বিনামূলীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰোৱাৰ লগতে ঔষধ বিতৰণ কৰা হয় ৷ শিবিৰত বিশেষজ্ঞ চিকিৎসক ডাঃ অংকিতা কেমপ্ৰাই, ডাঃ ইন্দু শইকীয়া, কৃষ্ণা নয়নী দত্ত, নৱনীতা কছাৰী, গংগোত্ৰী গগৈকে ধৰি ১২ জনীয়া এটা দলে চিকিৎসা সেৱা আগবঢ়ায় ৷ 

এই অনুষ্ঠানত যোৰহাট তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ ছাপ’ৰ্ট মেনেজাৰ দিব্যজ্যোতি বৰা, সামাজিক দায়বদ্ধতা বিভাগৰ মুখ্য বিষয়া সতীশ মূৰে, সঞ্জয় অটৱাল লগতে বৰহোলা শিশু ভাওনা সমাৰোহৰ মুখ্য সম্পাদক দেৱজিৎ সোণোৱাল আৰু কাৰ্যকৰী সভাপতি মুকুট বৰা উপস্থিত থাকে ৷

Captureuytyu

উল্লেখযোগ্য যে, যোৰহাটৰ তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ সামাজিক দায়বদ্ধতা বিভাগৰ জনস্বাস্থ্য অভিযান শীৰ্ষক কাৰ্যসূচীৰ আধাৰত যোৰহাট লাইয়ন্স ক্লাব আৰু অনুগ্ৰহ দৃষ্টিদান সংস্থাৰ সহযোগত প্ৰায় ১০০০ জন ৰোগীৰ বিনামূলীয়াকৈ চকু চিকিৎসা আৰু অস্ত্ৰোপচাৰ কৰি ছচমা বিতৰণ কৰা হয়৷ তাৰোপৰি ২০২৫-২৬ বৰ্ষৰ সামাজিৰ দায়বদ্ধতাৰ পুঁজিৰে অসমৰ অন্যতম স্বেচ্ছাসেৱী সংস্থা পথিকৰ উদ্যোগত বৰহোলা অঞ্চলৰ লোনপুৰীয়া প্ৰাথমিক বিদ্যলয়ৰ তিনিটা শ্ৰেণী কোঠা আৰু দুটা প্ৰস্ৰাৱগাৰ, শিলডুবি প্ৰাথমিক বিদ্যলয়ত ১২৫ জন ছাত্ৰ-ছাত্ৰীয়ে আহাৰ গ্ৰহণ কৰিব পৰাকৈ মধ্যাহ্ন ভোজনালয় আৰু পাকঘৰ নিৰ্মাণৰ কাম কৰা হৈছে ৷

যোৰহাট