/asomiyapratidin/media/media_files/2025/10/08/gohpur-08-2025-10-08-16-44-34.jpg)
ডিজিটেল সংবাদ, ছয়দুৱাৰ: অসম চৰকাৰে শুশ্ৰূষা সেতুৰ অধীনত সমষ্টিভিত্তিক আয়োজন কৰা বিনামূলীয়া ৰোগ নিৰ্ণায়ক স্বাস্থ্য শিৱিৰ অহা ১০ অক্টোবৰত গহপুৰত অনুষ্ঠিত হ'ব। গহপুৰ সমষ্টি ভিত্তিক আয়োজন কৰা এই বিনামূলীয়া স্বাস্থ্য শিৱিৰটো গহপুৰ সমজিলা কাৰ্য্যলয়ৰ সন্মুখত থকা পেৰেড গ্ৰাউণ্ডত ১০ অক্টাবৰৰ পুৱা ৯ বজাৰ পৰা বিয়লি ৫ বজালৈ অনুষ্ঠিত হ'ব।
সংবাদ মাধ্যমৰ আগত এই বিষয়ে জানিবলৈ দি গহপুৰ বিধান সভা সমষ্টিৰ বিধায়ক উৎপল বৰা আৰু গহপুৰ সমজিলাৰ আয়ুক্ত আদিত্য প্ৰতাপ সিঙে কয় যে, উক্ত শিৱিৰটোত ১৮ বছৰ বয়সৰ তলৰ শিশু আৰু কিশোৰ-কিশোৰীসকলক বিশেষ ভাবে গুৰুত্ব প্ৰদান কৰি ৰোগ নিৰ্ণায়ন আৰু চিকিৎসা প্ৰদান কৰা হ'ব।২০ গৰাকী বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা চিকিৎসা প্ৰদান কৰিবলগীয়া এই শিৱিৰটোত জন্মগত হৃদৰোগ, স্নায়ুজনিত সমস্যা, জন্মগত বিসংগতি, এণ্ড'ক্ৰাইন ৰোগ, বংশানুক্ৰমিক ৰোগ, ৰক্তজনিত সমস্যা, চকু আৰু কাণৰ ৰোগ,যকৃত আৰু বৃক্কৰ ৰোগকে ধৰি প্ৰায় ৫০ বিধৰো অধিক জটিল ৰোগৰ নিৰ্ণায়ক পৰীক্ষা কৰা হ'ব।
এই শিৱিৰটোৰ জৰিয়তে বিনামূলীয়াকৈ ঔষধ যোগান ধৰাৰ উপৰিও ৰোগ নিৰ্ণয় হোৱাৰ পিছত সংশ্লিষ্ট ৰোগীসকলক পৰ্য্যায়ক্ৰমে উন্নত তথা বিনামূলীয়া চিকিৎসা প্ৰদানৰ বাবে বিশেষ সা-সুবিধা থকা অসম তথা অসমৰ বাহিৰৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হ'ব। শুশ্ৰূষা সেতুৰ অধীনত প্ৰথম পৰ্য্যায়ত ৰোগ নিৰ্ণয় কৰাৰ পিছত দ্বিতীয় পৰ্য্যায়ত অহা নৱেম্বৰ মাহত সংশ্লিষ্ট ৰোগীসকলক চিকিৎসা মহাবিদ্যালয় কিম্বা চিকিৎসালয়ৰ বিশেষ শিৱিৰত চিকিৎসা প্ৰদান কৰা হ'ব।
তৃতীয় পৰ্য্যায়ত অহা ডিচেম্বৰ মাহত ৰোগীৰ প্ৰয়োজন অনুসৰি উন্নত চিকিৎসা আৰু অন্যান্য কাৰ্য্যব্যৱস্থা চৰকাৰী ভাবে বিনামূলীয়াকৈ গ্ৰহণ কৰা হ'ব।উক্ত বিনামূলীয়া ৰোগ নিৰ্ণায়ক স্বাস্থ্য শিৱিৰটোৰ সফল ৰূপায়নৰ বাবে প্ৰতিটো এলেকাৰ নাৰ্ছ, স্বাস্থ্য কৰ্মী, আশা, অংগনবাড়ী কৰ্মীসকলৰ পূৰ্ণ সহযোগিতা কামনা কৰিছে গহপুৰ সমজিলা প্ৰশাসনে।
উক্ত শিৱিৰটোত গহপুৰ বিধানসভা সমষ্টিৰ প্ৰায় ১৩০০ ৰোগী হ'ব বুলি গহপুৰ সমজিলা প্ৰশাসনে আজি সংবাদ মাধ্যমক জানিবলৈ দিছে। শুশ্ৰূষা সেতু আঁচনিৰ অধীনত প্ৰতিগৰাকী ৰোগী আৰু অভিভাৱকৰ যাতায়ত সম্পূৰ্ণ বিনামূলীয়া হ'ব বুলি জানিব পৰা গৈছে।
উক্ত শিৱিৰটোত ৰোগীসকলৰ প্ৰাথমিক স্বাস্থ্য পৰীক্ষাৰ বাবে ইচিজি আৰু তেজ পৰীক্ষা কৰাৰ লেবৰটৰীৰ ব্যৱস্থা কৰা হৈছে। উল্লেখযোগ্য যে-প্ৰথম পৰ্য্যায়ৰ পৰীক্ষাত যদি কোনোবা ৰোগীক চিকিৎসাৰ বাবে অসমৰ লগতে বহি:ৰাজ্যলৈ নিবলগীয়া হয় তেনে ৰোগী সকলক শুশ্ৰূষা সেতু আঁচনিৰ অধীনত সম্পূৰ্ণ বিনামূলীয়াকৈ অসম চৰকাৰে চিকিৎসাৰ ব্যৱস্থা কৰিব বুলি জানিবলৈ দিছে বিধায়ক উৎপল বৰাই।১০ অক্টাবৰত চিকিৎসাৰ বাবে আহিবলগীয়া প্ৰতিগৰাকী ৰোগীয়ে আধাৰ কাৰ্ড অনাটো বাধ্যতামূলক কৰা হৈছে।