/asomiyapratidin/media/media_files/2025/02/25/VzLVS9KkFXkTOnqJuTE4.webp)
ডিজিটেল সংবাদ,বাক্সা : গাঁৱৰ সৰ্বসাধাৰণ লোকসকলক প্ৰাথমিক পৰ্যায়ৰ সকলো ধৰণৰ স্বাস্থ্য সম্বন্ধীয় সা-সুবিধা প্ৰদান কৰাৰ লক্ষ্যৰে বাক্সা জিলাৰ মুছলপুৰৰ সমীপৱৰ্তী ধনশ্ৰীপুৰত এচিআৰডি নামৰ সংস্থাটোৱে বিশেষ বিনামূলীয়া স্বাস্থ্য শিবিৰ আয়োজন কৰে ।
ধনশ্ৰীপুৰ শিৱ শক্তি দুৰ্গা মন্দিৰ প্ৰাংগনত পুৱাৰে পৰা আৰম্ভ হোৱা এই স্বাস্থ্য শিবিৰত নলবাৰীৰ সাৰথি হাস্পতালৰ বহু কেইগৰাকী বিশেষজ্ঞ চিকিৎসকে উপস্থিত থাকি ৰোগীসকলৰ স্বাস্থ্য-পৰীক্ষা কৰাৰ উপৰিও পৰামৰ্শ প্ৰদান কৰে । বিগত সময়তো সংস্থাটোৱে ভিন্ন স্থানত এনেধৰণৰ স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰা বুলি জানিবলৈ দিয়ে এচিআৰডিৰ জ্যেষ্ঠ কাৰ্যবাহী সদস্য প্ৰদীপ্ত প্ৰাণ চাংকাকতীয়ে ।