শিঙিয়া পোটনীত বিনামূলীয়া স্বাস্থ্য আৰু চকু পৰীক্ষা শিবিৰ সম্পন্ন

নগাঁও জিলাৰ শিঙিয়া পোটনী অৱসৰপ্ৰাপ্ত নাগৰিক মঞ্চৰ উদ্যোগত আৰু জিলা স্বাস্থ্য সঞ্চালক কাৰ্যালয়ৰ সহযোগত মঙলবাৰে শিঙিয়া পোটনী উচ্চ মাধ্যমিক বিদ্যালয়ত বিনামূলীয়া চকু আৰু স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত হয়

author-image
Asomiya Pratidin
New Update
187

ডিজিটেল সংবাদ, উৰিয়াগাঁও : নগাঁও জিলাৰ শিঙিয়া পোটনী অৱসৰপ্ৰাপ্ত নাগৰিক মঞ্চৰ উদ্যোগত আৰু জিলা স্বাস্থ্য সঞ্চালক কাৰ্যালয়ৰ সহযোগত মঙলবাৰে শিঙিয়া পোটনী উচ্চ মাধ্যমিক বিদ্যালয়ত বিনামূলীয়া চকু আৰু স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত হয়। এই উপলক্ষে বিদ্যালয়খনত এক উদ্বোধনী আৰু স্বাস্থ্য সজাগতা সভা অনুষ্ঠিত হয়।

মঞ্চৰ সভাপতি পুষ্পেন্দ্ৰ নাথ বৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত বিনামূলীয়া চিকিৎসা শিবিৰ উদ্বোধন কৰে নগাঁও জিলাৰ অতিৰিক্ত আয়ুক্ত সুদীপ নাথে। ভাষণত অতিৰিক্ত আয়ুক্তগৰাকীয়ে দৰিদ্ৰ ৰাইজৰ কল্যাণৰ হকে নাগৰিক মঞ্চই এনে বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত কৰাৰ বাবে শলাগ লয়।

WhatsApp Image 2025-08-26 at 4.56.09 PM

মঞ্চৰ সম্পাদক ফুলধৰ হাজৰিকাই আঁত ধৰা সভাখনত জিলা প্ৰকল্প পৰিচালক ডা০ গালিব আহমেদে ৰাষ্ট্ৰীয় অন্ধতা নিয়ন্ত্ৰণ আঁচনিৰ জৰিয়তে কেনেকৈ দৃষ্টিশক্তি পুনৰুদ্ধাৰ কৰিব পাৰি সেই সম্পৰ্কে ভাষণত বহলাই কয়। বিনামূলীয়া স্বাস্থ্য আৰু চকু পৰীক্ষা শিবিৰত তিনি শতাধিক ৰোগীক চিকিৎসা সেৱা আগবঢ়াই ডা০ ভায়লিনা দাস, ডা০ ই. এম. ইৰফান,ডা০ চাহিদুল ইছলাম,ডা০ বেদান্ত বৰা আৰু ডা০ ডিম্বেশ্বৰ কোঁৱৰে। উক্ত স্বাস্থ্য শিবিৰত নগাঁৱৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডা০ তপন শইকীয়াৰ লগতে মঞ্চৰ বিষয়ববীয়া আৰু সদস্যসকল উপস্থিত থাকে।

স্বাস্থ্য