/asomiyapratidin/media/media_files/2026/01/21/664-2026-01-21-16-58-41.jpg)
ডিজিটেল সংবাদ, মঙলদৈ : পথ সুৰক্ষা, জীৱন ৰক্ষা লক্ষ্যৰে ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ উপলক্ষে দৰং জিলা পৰিবহন কাৰ্যালয়ৰ উদ্যোগত বুধবাৰে মঙলদৈ ভেবাৰঘাট বাছ মালিক সন্থাৰ কাৰ্য্যালয়ত দৰং জিলা পথ সুৰক্ষা সমিতিৰ উদ্যোগত এটি বিনামূলীয়া চকু চিকিৎসা শিবিৰ অনুষ্ঠিত হয়।
জিলা স্বাস্থ্য বিভাগৰ তত্বাৱধানত ডাঃ হৰিশ গোস্বামী নেতৃত্বত এই চকু চিকিৎসা শিবিৰ অনুষ্ঠিত হয়। চিকিৎসা শিবিৰত স্বাস্থ্য কৰ্মী নমিতা নাৰ্জাৰী,আজিজুৰ ৰহমান ,নৱ জ্যোতি শৰ্মা ,অঞ্জুৱাৰা বেগম উপস্থিত থাকি প্ৰায় শতাধিক বাছ চালক, সহকাৰী ,ই ৰিক্সা চালক আদিক চিকিৎসা কৰে।
চিকিৎসা শিবিৰত জিলা পৰিবহনৰ বিষয়া দীপক পাটোৱাৰী , এনফ্ৰচমেণ্ট পৰিদৰ্শক ওম প্ৰকাশ উপাধ্যায়, সহকাৰী পৰিদৰ্শক, কালিচৰন ৰাজবংশী,অজিৎ কুমাৰ দাস আদি ব্যক্তি উপস্থিত থাকে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us