ডিজিটেল সংবাদ, বোকাখাতঃ বোকাখাতৰ অগ্ৰণী শিক্ষানুষ্ঠান বোকাখাত জাতীয় বিদ্যালয়ৰ উদ্যোগত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ ছাত্ৰ-ছাত্ৰী সকলৰ অনাগত শৈক্ষিক যাত্ৰাত সহায়ক হোৱাকৈ বিদ্যালয়খনত আগবঢ়োৱা হৈছে বিনামূলীয়া কেৰিয়াৰ কাউন্সেলিঙৰ বিশেষ ব্যৱস্থা।
বোকাখাত জাতীয় বিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক শাখাৰ কেইবাগৰাকীও অভিজ্ঞ শিক্ষক ভাৰ্গব গগৈ, মানস বৰা, পিজুৰাজ কলিতা, পূজা ডেকা আৰু সহকৰ্মী সকলৰ দ্বাৰা পাঠদানৰ ব্যৱস্থা কৰাৰ লগতে যথেষ্ঠ সংখ্যক ছাত্র ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে এই কেৰিয়াৰ কাউঞ্চেলিঙত।
ক্লিক কৰি পঢ়কঃ অসম-মিজোৰাম সীমান্তত বোমা উদ্ধাৰ…
ইতিমধ্যে ইয়াৰ জৰিয়তে বিশেষভাৱে উপকৃত হোৱা জানিবলৈ দিছে ছাত্ৰ ছাত্ৰী সকলে। বিদ্যালয় কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে যোৱা ১এপ্ৰিলৰ পৰা আৰম্ভ হোৱা এই বিনামূলীয়া অনুষ্ঠানটো অহা মে' মাহ পৰ্যন্ত অব্যাহত থাকিব।