মুখ্যমন্ত্ৰীৰ ঘোষণা- ৰাখি বন্ধনৰ দিনা মহিলাৰ বাবে বিনামূলীয়া হ’ব বাছ সেৱা…

মুখ্যমন্ত্ৰীৰ ঘোষণা- ৰাখি বন্ধনৰ দিনা মহিলাৰ বাবে বিনামূলীয়া হ’ব বাছ সেৱা…

ডিজিটেল ডেস্কঃ ভাতৃ-ভগ্নীৰ সম্পৰ্কৰ এনাজৰীডাল অধিক শক্তিশালী কৰাৰ বাবে ১৫ আগষ্টত সমগ্ৰ বিশ্বতে পালন কৰা হ'ব ৰাখি বন্ধন। ভাৰততো পালিত হোৱা এই ৰাখি বন্ধনক লৈ তৎপৰ হৈ পৰিছে উত্তৰ প্ৰদেশ চৰকাৰ।

মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে শনিবাৰে ঘোষণা কৰে যে ৰাখি বন্ধন উপলক্ষ্যে ৰাজ্যখনত সম্পূৰ্ণৰূপে বিনামূলীয়া কৰা হ'ব মহিলাৰ যাতায়ত। সকলো ধৰণৰ ৰাজ্যিক নিগমৰ বাছ আৰু চিটি বাছত ৰাশী বন্ধনৰ দিনা মহিলাসকলে বিনামূলীয়া যাত্ৰা কৰিব পাৰিব।

মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰী কৰা মতে, এই বিনামূলীয়া সেৱা ১৪ আগষ্টৰ মাজনিশাৰ পৰা ১৫ আগষ্টৰ মাজনিশালৈ আগবঢ়োৱা হ'ব। আনহাতে এই সময়ছোৱাত পৰিবহন নিগমৰ বাছত মহিলাৰ নিৰাপত্তাৰ প্ৰতি দৃষ্টি ৰাখি নিৰাপত্তাৰক্ষী মোতায়েন কৰা সন্দৰ্ভতো জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in