বাংগালুৰুলৈ কামৰ সন্ধানত যোৱা অসমৰ ৪ যুৱকৰ ৰহস্যজন মৃত্যু

বহিঃৰাজ্যলৈ কামৰ সন্ধানত যোৱা ৰাজ্যৰ চাৰিগৰাকী যুৱকৰ কৰুণ মৃত্যুৰ বাতৰিয়ে সমগ্ৰ ঢকুৱাখনা অঞ্চলত গভীৰ শোকৰ বন্যা বোৱাইছে।

author-image
Asomiya Pratidin
New Update
new ap web 1.jpg (6)

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ বহিঃৰাজ্যলৈ কামৰ সন্ধানত যোৱা ৰাজ্যৰ চাৰিগৰাকী যুৱকৰ কৰুণ মৃত্যুৰ বাতৰিয়ে সমগ্ৰ ঢকুৱাখনা অঞ্চলত গভীৰ শোকৰ বন্যা বোৱাইছে। প্ৰাপ্ত প্ৰাথমিক তথ্য অনুসৰি, লখিমপুৰ জিলাৰ ঢকুৱাখনা সমজিলাৰ ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত উজনি বৰ্ষামুখ গাঁওৰ ৪গৰাকী নিবনুৱা যুৱক কামৰ সন্ধানত বাংগালুৰুলৈ গৈছিল।

জানিব পৰা মতে, তেওঁলোক কোম্পানীত শ্ৰমিক হিচাপে নিযুক্ত হৈ বাংগালুৰুত এটা ভাড়াতিয়া কোঠাত একেলগে বসবাস কৰি আছিল। যোৱা নিশা সেই কোঠাটোৰ ভিতৰতেই ৰহস্যজনকভাৱে চাৰিওগৰাকী যুৱকৰ মৃতদেহ উদ্ধাৰ হয়।

মৃত যুৱক কেইজনৰ পৰিচয় ক্ৰমে ঢকুৱাখনাৰ নৰেন্দ্ৰ টাইদ, ধনঞ্জয় টাইদ, ডেক্তৰ টাইদ আৰু শালমাৰাৰ জয়ন্ত চিন্তে বুলি জানিব পৰা গৈছে। ইয়াৰ ভিতৰত নৰেন্দ্ৰ টাইদ, ধনঞ্জয় টাইদ আৰু ডেক্তৰ টাইদ উজনি বৰ্ষামুখ গাঁওৰ নিবাসী হোৱাৰ বিপৰীতে জয়ন্ত চিন্তে শালমাৰা গাঁওৰ বাসিন্দা।

এই ঘটনাৰ প্ৰকৃত কাৰণ বৰ্তমানলৈকে স্পষ্ট হৈ উঠা নাই। ঘটনাক লৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে। ইফালে কৰ্মজীৱী যুৱক কেইজনৰ আকস্মিক আৰু অস্বাভাৱিক মৃত্যুৰ খবৰ পোৱাৰ লগে লগে উজনি বৰ্ষামুখ আৰু শালমাৰা গাঁওত গভীৰ শোকৰ ছাঁ পৰিছে। অঞ্চলবাসীয়ে এই ঘটনাক লৈ শোক প্ৰকাশ কৰাৰ লগতে দোষীক চিনাক্ত কৰি উপযুক্ত তদন্তৰ দাবী জনাইছে।

ঢকুৱাখনা