পৰ্বতঝোৰাত আৰক্ষীৰ অভিযানত জব্দ চাৰিটা চোৰাং গৰুসহ বিলাসী বাহন

পৰ্বতঝোৰা অঞ্চলত পুনৰ সক্ৰিয় হৈছে চোৰাং গৰু সৰবৰাহ চক্ৰ। সোমবাৰে নিশা অভিযান চলাই ৰূপচী আৰক্ষীয়ে চাৰিটা চোৰাং গৰুসহ এখন বিলাসী বাহন জব্দ কৰিবলৈ সক্ষম হয়।

author-image
Asomiya Pratidin
New Update
bbsdsadsa

ডিজিটেল সংবাদ, পৰ্বতঝোৰাঃ পৰ্বতঝোৰা অঞ্চলত পুনৰ সক্ৰিয় হৈছে চোৰাং গৰু সৰবৰাহ চক্ৰ। সোমবাৰে নিশা অভিযান চলাই ৰূপচী আৰক্ষীয়ে চাৰিটা চোৰাং গৰুসহ এখন বিলাসী বাহন জব্দ কৰিবলৈ সক্ষম হয়।

প্ৰাপ্ত তথ্য অনুসৰি, চোৰাং গৰু ভৰ্তি কৰি সৰবৰাহ কৰা বাহনখন ৰূপচী বিমানবন্দৰ টাৰ্ণিংত আৰক্ষীয়ে আটক কৰে। জব্দ কৰা বাহনখনৰ নম্বৰ AS-01-BB-4856 বুলি আৰক্ষীসূত্রে জানিবলৈ দিয়ে।

গোঁসাইগাঁওৰ পৰা গৌৰীপুৰ অভিমুখে চোৰাং গৰুখিনি সৰবৰাহ কৰা হৈছিল বুলি আৰক্ষীয়ে অনুমান কৰিছে। কিন্তু আৰক্ষীৰ উপস্থিতিৰ উমান পাই আন্ধাৰৰ সুযোগ গ্ৰহণ কৰি চোৰাং সৰবৰাহকাৰী পলায়ন কৰিবলৈ সক্ষম হয়। ইফালে, ৰূপচী আৰক্ষীয়ে চোৰাং গৰু চাৰিটা আৰু বাহনখন জব্দ কৰি তদন্ত অব্যাহত ৰাখিছে। ঘটনাৰ সৈতে জড়িত চক্ৰটোক আটক কৰাৰ বাবে আৰক্ষীয়ে ব্যাপক অনুসন্ধান আৰম্ভ কৰিছে।

পৰ্বতঝোৰা