মানৱতাঃ নগাঁৱৰ একেটা পৰিয়ালৰে চাৰিগৰাকী সদস্যই কৰিলে অংগদান

নগাঁৱৰ একেটা পৰিয়ালৰে চাৰি গৰাকী সদস্যই অংগদান কৰি দেখুৱালে মানৱতাৰ নিদৰ্শন। নগাঁৱৰ যুৱ সাংস্কৃতিক কৰ্মী কৃষ্ণ কিংকৰ খাটনিয়াৰ আৰু তেওঁৰ পৰিয়ালবৰ্গই কৰে মৰণোত্তৰ অংগদানৰ বাবে নাম পঞ্জীয়ন কৰে।

author-image
Asomiya Pratidin
New Update
DSDSDSDSDSDSDEA

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁৱৰ একেটা পৰিয়ালৰে চাৰি গৰাকী সদস্যই অংগদান কৰি দেখুৱালে মানৱতাৰ নিদৰ্শন। নগাঁৱৰ যুৱ সাংস্কৃতিক কৰ্মী কৃষ্ণ কিংকৰ খাটনিয়াৰ আৰু তেওঁৰ পৰিয়ালবৰ্গই কৰে মৰণোত্তৰ অংগদানৰ বাবে নাম পঞ্জীয়ন কৰে।

বিগত ১৯ ছেপ্তেম্বৰ তাৰিখে তেওঁলোকে মৰণোত্তৰ অংগদানৰ বাবে ভাৰত চৰকাৰৰ স্বাস্থ্য পৰিয়াল কল্যাণ বিভাগৰ National Organ and Tissue Transplant Organization ত মৰণোত্তৰ অংগদানৰ বাবে নাম পঞ্জীয়ন কৰে। উল্লেখ্য যে, সেই সময়ত সমগ্ৰ দেশতে সেৱা সপ্তাহৰ কাৰ্যসূচী চলি আছিল আৰু সেইদিনাই জুবিন গাৰ্গৰো দেহাৱসান হৈছিল।

কৃষ্ণ কিংকৰ খাটনিয়াৰৰ লগতে মৰণোত্তৰ অংগদানৰ বাবে নাম পঞ্জীয়ন কৰা সকল ক্ৰমে আলোক খাটনিয়াৰ, পূৰ্ণিমা খাটনিয়াৰ আৰু পল্লৱী খাটনিয়াৰ। আনহাতে ইয়াৰ পূৰ্বে গুৱাহাটী আঞ্চলিক নেত্ৰ প্ৰতিষ্ঠানত নেত্ৰদানৰ বাবে নাম পঞ্জীয়ন কৰিছিল কৃষ্ণ কিংকৰ খাটনিয়াৰে। 

ইফালে, কৃষ্ণ কিংকৰ খাটনিয়াৰে এগৰাকী নিয়মীয়া ৰক্তদাতা ৰূপেও জনতাৰ প্ৰতি সেৱা আগবঢ়াই আহিছে। তেওঁলোক নগাঁৱৰ কাছমাৰী মৌজাৰ শিমলুগুৰি গাঁৱৰ বাসিন্দা। ইয়াৰোপৰি বিভিন্ন সামাজিক কামৰ সৈতে জড়িত হৈ পৰিয়ালটিয়ে সেৱা আগবঢ়োৱা পৰিলক্ষিত হৈছে।

অংগদান