উৎপাদক, এ আই টেকনিচিয়ান আৰু দুগ্ধ সমবায়লৈ ৰাষ্ট্ৰীয় গোপাল ৰত্ন বঁটা

ৰাষ্ট্ৰীয় গোপাল ৰত্ন বঁটা প্ৰাপক কেইগৰাকী-বজালীৰ দুগ্ধ উৎপাদক জুনা তামুলী বৰ্মন, মৰিগাঁৱৰ জুনুমা মালী আৰু কামৰূপৰ মহম্মদ আব্দুৰ ৰহিম।লগতে নিত্যানন্দৰ কামধেনু দুগ্ধ উৎপাদক সমবায় সমিতি লিমিটেডৰ শ্ৰেষ্ঠ দুগ্ধ সমবায় বঁটা লাভ

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ  দুগ্ধ খণ্ডক আগুৱাই নিয়াৰ ক্ষেত্ৰত উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰা ৩ গৰাকীকৈ ব্যক্তিক তেওঁলোকৰ কষ্ট তথা নিষ্ঠাৰ বাবে কেন্দ্ৰই এক স্বীকৃতি প্ৰদান কৰিছে। অসমৰ দুগৰাকী উৎপাদক, এগৰাকী ‘এ আই টেকনিচিয়ান’ আৰু এখন দুগ্ধ সমবায়ক ভাৰতৰ অন্যতম সৰ্বোচ্চ বঁটা ৰাষ্ট্ৰীয় গোপাল ৰত্ন বঁটা (এনজিআৰএ)  প্ৰদান কৰা হয়।

Advertisment

পশুপালন আৰু দুগ্ধ উদ্যোগৰ ক্ষেত্ৰখনত এই সৰ্বোচ্চ বঁটা প্ৰাপক কেইগৰাকী ক্ৰমে বজালীৰ দুগ্ধ উৎপাদক জুনা তামুলী বৰ্মন, মৰিগাঁৱৰ জুনুমা মালী আৰু কামৰূপৰ মহম্মদ আব্দুৰ ৰহিম।
বিশেষ উত্তৰ-পূব শ্ৰেণীৰ অধীনত থলুৱা প্ৰজাতিৰ গৰু/ম’হ পালনকাৰী শ্ৰেষ্ঠ দুগ্ধ উৎপাদকৰ খিতাপ লাভ কৰিছে জুনা আৰু জুনুমাই।

ইফালে বিশেষ উত্তৰ-পূব শ্ৰেণীৰ অধীনত শ্ৰেষ্ঠ কৃত্ৰিম প্ৰজনন টেক্‌নিচিয়ান (এ আই টি) বঁটা লাভ কৰিবলৈ সক্ষম হৈছে আব্দুৰ ৰহিম। সমান্তৰালকৈ বজালীৰ নিত্যানন্দস্থিত কামধেনু দুগ্ধ উৎপাদক সমবায় সমিতি লিমিটেডে বিশেষ উত্তৰ-পূব শ্ৰেণীৰ অধীনত শ্ৰেষ্ঠ দুগ্ধ সমবায় বঁটা লাভ কৰিছে।

উল্লেখ্যযোগ্য যে, ৰাষ্ট্ৰীয় দুগ্ধ দিৱস উদযাপনৰ অংশ হিচাপে নতুন দিল্লীত ২৬ নৱেম্বৰত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত মীন, পশুপালন আৰু দুগ্ধ মন্ত্ৰালয়ৰ কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙে অধ্যাপক এছ পি সিং বাঘেল আৰু মীন,পশুপালন আৰু দুগ্ধ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী জৰ্জ কুৰিয়ানৰ উপস্থিতিত এই বঁটা প্ৰদান কৰে। উক্ত চাৰিওটা বঁটাত ২ লাখ টকাৰ নগদ ধনৰ লগতে প্ৰমাণ পত্ৰ আৰু স্মৃতিচিহ্ন অন্তৰ্ভুক্ত হৈ আছে।

ৰাষ্ট্ৰীয় গোপাল ৰত্ন বঁটা