/asomiyapratidin/media/media_files/2025/11/13/209-2025-11-13-08-40-54.jpg)
ডিজিটেল সংবাদ, চিলাপথাৰ : ২০২১ বৰ্ষৰ ১ জানুৱাৰীত প্ৰাদেশিকীকৰণ কৰা ৩৩ খন মহাবিদ্যালয়ৰ মুঠ ২৯৭ গৰাকী অনা-শিক্ষক কৰ্মচাৰীক চৰকাৰে দীৰ্ঘদিন ধৰি বঞ্চনা কৰি আহিছে । প্ৰায় ৫ পাঁচ বছৰ ধৰি এইসকল কৰ্মচাৰীয়ে চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া নূন্যতম মজুৰিৰ বিনিময়ত কৰ্মৰত হৈ আছে ।
ন্যূনতম দহ হাজাৰৰ পৰা বাৰ হাজাৰ টকা মজুৰিৰে কামত খটুৱাই আহিছে এইসকলৰ মহাবিদ্যালয়ৰ কৰ্মচাৰীক । যিটো এজন অকৌশলী শ্ৰমিকৰ মজুৰিতকৈও কম ।
বিগত পাঁচটা বছৰে এইসকল কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই চৰকাৰে । এইসকল কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণ কৰা, সম কামৰ বাবে সম মজুৰিৰ ব্যৱস্থা কৰা আদি দাবীৰে বুধবাৰৰ পৰা আন্দোলনত নামিল এইসকল প্ৰবঞ্চিত মহাবিদ্যালয় কৰ্মচাৰী ।
আজিৰেপৰা সমগ্ৰ অসমজুৰি ৩৩ খন মহাবিদ্যালয়ৰ মুঠ ২৯৭ গৰাকী অনা-শিক্ষক কৰ্মচাৰীয়ে পালন কৰিছে চাৰিদিনীয়া কর্মবিৰতি । চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ৰ অনা-শিক্ষক কৰ্মচাৰীসকলেও আজিৰেপৰা চাৰিদিনীয়া কৰ্মবিৰতি পালন কৰিছে ।
অনা-শিক্ষক কৰ্মচাৰীসকলৰ কৰ্মবিৰতিৰ ফলত অচল হৈ পৰিছে মহাবিদ্যালয়খন । সংবাদ মাধ্যমৰ আগত ক্ষোভ উজৰি অনা-শিক্ষক কৰ্মচাৰীসকলে তেওঁলোকৰ এই আন্দোলনৰ প্ৰতি চৰকাৰে কোনো সঁহাৰি নজনালে অনাগত দিনত অনিৰ্দিষ্টকালীন কৰ্মবিৰতীৰ কাৰ্য্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ব বুলি সকিয়াই দিছে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us