ছত্তীছগড়ত নক্সালৰ ভয়াৱহ আক্ৰমণ, চিআৰপিএফৰ ৪ জোৱান শ্বহীদ

ছত্তীছগড়ত নক্সালৰ ভয়াৱহ আক্ৰমণ, চিআৰপিএফৰ ৪ জোৱান শ্বহীদ

author-image
asomiyapratidin
New Update
ছত্তীছগড়ত নক্সালৰ ভয়াৱহ আক্ৰমণ, চিআৰপিএফৰ ৪ জোৱান শ্বহীদ

ডিজিটেল ডেস্কঃ ছত্তীছগড়ৰ বীজাপুৰত শনিবাৰে নক্সালৰ আক্ৰমণত শ্বহীদ হয় চিআৰপিএফৰ ৪জনকৈ জোৱান। এই ঘটনাত আহত হয় বাহিনীটোৰ দুজনকৈ জোৱান।

Advertisment

প্ৰাপ্ত খবৰ অনুসৰি চিআৰপিএফৰ দল এটা উক্ত স্থানেৰে গৈ থকাৰ সময়তে নক্সালবাদীয়ে পূৰ্বৰে পৰা সংস্থাপিত কৰি ৰখা আই ই ইডি বিস্ফোৰণ সংঘটিত হয়। বিস্ফোৰণটো ইমানেই শক্তিশালী আছিল যে বাহিনীটোৰ ৪জনকৈ জোৱানে থিতাতে মৃত্যুক সাবটি লয়।

ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন বাকী থকা অৱস্থাত সংঘটিত এই ঘটনাই নিৰাপত্তা সংস্থাসমূহক উদ্বিগ্ন কৰি তোলাৰ লগতে ৰাজনৈতিক বতাহো উত্তপ্ত কৰি তুলিছে। উল্লেখ্য যে বীজাপুৰ হৈছে ৰাজ্যখনৰ অন্যতম নক্সাল প্ৰভাৱিত অঞ্চল।