ৰাষ্ট্ৰীয় টাইকোৱাণ্ডো প্ৰতিযোগিতাত সোণ-ৰূপৰ পদক আজুৰিলে ৪ অসমীয়াই

প্ৰিয়ংকা গগৈয়ে  ৫১ কেজি শাখাত হাৰিয়ানা, ওড়িছা, উত্তৰাখণ্ড , তামিলনাডু আৰু ফাইনেলত জম্মু কাশ্মীৰক পৰাজিত কৰি সোণৰ পদক পাবলৈ সক্ষম হয় ।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,বেকাজানঃ    উত্তৰ প্ৰদেশৰ ব্ৰেইলীত অনুষ্ঠিত হৈ যোৱা ৰাষ্ট্ৰীয় টাইকোৱাণ্ডো প্ৰতিযোগিতাত অসমৰ হৈ তিতাবৰৰ বেকাজান টাইকোৱানণ্ডো একাডেমীৰ ৪ প্ৰতিযোগীয়ে পদক অৰ্জন কৰি তিতাবৰলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।  

চলিত বৰ্ষৰ ২১ নৱেম্বৰৰ পৰা ২৩ নৱেম্বৰলৈ অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত বেকাজান টাইকোৱাণ্ডো একাডেমিৰ প্ৰশিক্ষক ৰমেন ভূঞাৰ নেতৃত্বত যোৱা দলটোৰ প্ৰিয়ংকা গগৈয়ে  ৫১ কেজি শাখাত হাৰিয়ানা, ওড়িছা, উত্তৰাখণ্ড , তামিলনাডু আৰু ফাইনেলত জম্মু কাশ্মীৰক পৰাজিত কৰি সোণৰ পদক পাবলৈ সক্ষম হয় ।

আনহাতে তন্ময় গগৈয়ে ৩৩ কেজি শাখাত হাৰিয়ানা, অন্ধ প্ৰদেশ, পশ্চিম বংগক পৰাজিত কৰি ফাইনেলত জম্মু আৰু কাশ্মীৰৰ হাতত পৰাজিত হৈ ৰূপ পদক লাভ কৰে। কৰণ চেতিয়াই ৫৩ কেজি শাখাত  অন্ধ প্ৰদেশ, হাৰিয়ানা , পঞ্জাৱ , উত্তৰ প্ৰদেশ, আৰু ফাইনেলত বিহাৰক পৰাজিত কৰি ৰূপৰ পদক পাবলৈ সক্ষম হয়৷

তদুপৰি বৃষ্টি গগৈয়ে ৪৭ কেজি শাখাত তামিলনাডু, হাৰিয়ানা, জম্মু আৰু কাশ্মীৰক পৰাজিত কৰি ফাইনেলত অন্ধ প্ৰদেশৰ হাতত পৰাজিত হৈ ব্ৰঞ্জ পদক পাবলৈ সক্ষম হয়। বেকাজান টাইকোৱানডো একাডেমীৰ ৪ গৰাকীকৈ  খেলুৱৈয়ে পদক অৰ্জন কৰাৰ বাবে তিতাবৰ বেকাজানবাসী ৰাইজ  উৎফুল্লিত হৈ পৰিছে ।

বেকাজান