/asomiyapratidin/media/media_files/2025/10/06/jytywe-2025-10-06-09-51-10.jpg)
ডিজিটেল সংবাদ, খেৰণিঃ উৰিষ্যাৰ পুৰীৰ পৰা উদ্ধাৰ কৰা হৈছে অসমৰ চাৰিগৰাকী আবদ্ধ শ্ৰমিকক। কৰ্ম সন্ধানত শ্ৰমিক হিচাপে পশ্চিম কাৰ্বি আংলঙৰ খেৰণিৰ পৰা পুৰীলৈ গৈছিল চাৰিম ক্র, ধনছিং ফাংচ, গৌতমছিং ইংহি আৰু বীৰছিং তেৰাং নামৰ শ্ৰমিক কেইজন। আটাইকেইজন শ্ৰমিক আবদ্ধ হৈ আছিল পুৰীৰ নিলাপাৰাত।
ইয়াৰে বীৰছিং তেৰাং নামৰ শ্ৰমিকজনে দুমাহ পূৰ্বেই গৈছিল পুৰীলৈ। কিন্তু প্ৰৱঞ্চকৰ জালত পৰি বিপদত পৰে বীৰছিং তেৰাং নামৰ শ্ৰমিকজন। RHI নামৰ কোম্পানী এটাত কাম দিয়াৰ প্ৰলোভনেৰে আনকি বীৰছিং তেৰাঙৰ পৰা প্ৰৱঞ্চকে আগধন হিচাপেও আদায় লৈছিল বাৰ হাজাৰ টকা। কিন্তু বীৰছিঙক কৰ্ম সংস্থাপন দিয়াৰ বিপৰীতে বিগত দুমাহ ধৰি পুৰীৰ নিলাপাৰা চহৰত এটা অট্টালিকাতহে আবদ্ধ কৰি ৰাখিছিল প্ৰৱঞ্চকে।
বিগত দুমাহেই দিনটোৰ দুবেলা দুমুঠি ভাত খাবলৈ দিয়াৰ বাহিৰে বীৰছিঙে পোৱা নাছিল কোনো কৰ্ম সংস্থাপন কিম্বা দৰমহা। এনেদৰে দুমাহ অতিক্ৰম কৰাৰ পাছত বীৰছিঙৰ মনত কিছু সন্দেহ ওপজে আৰু অসমলৈ উভতি আহিব বিচাৰে। কিন্তু প্ৰবঞ্চকৰ দলটোয়ে বীৰছিঙক মুকলি কৰি দিয়াৰ বাবদ অসমৰ আন তিনিগৰাকী শ্ৰমিকক যোগান ধৰিবলৈ নিৰ্দেশ দিয়ে বীৰছিঙক। অৱশেষত নিজৰ প্ৰাণ ৰক্ষাৰ স্বাৰ্থত উপায়ন্তৰ বীৰছিঙে খেৰণি অঞ্চলৰ চাৰিম ক্র, ধনছিং ফাংচ আৰু গৌতমছিং ইংহিক পুৰীত কৰ্ম সংস্থাপনৰ দিয়াৰ কথা কৈ মাতি পঠিয়াই পুৰীলৈ।
পুৰীৰ নিৰ্দিষ্ট স্থানত উপস্থিত হোৱাৰ পাছত বীৰছিঙৰ দৰে আটাইকেইজনে আবদ্ধ হৈ পৰে প্ৰৱঞ্চকৰ হাতত। আৰু এই কথা অৱশেষত ফোনযোগে পৰিয়ালক অৱগত কৰাত পৰিয়ালৰ লোকে পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছৰ সভাপতি অগ'ষ্টীন ইংহিক সমগ্ৰ ঘটনাৰ কথা জনোৱাৰ লগতে উদ্ধাৰ কৰিবলৈ অনুৰোধ জনায়।
তাৰ পাছতে সভাপতি অগ'ষ্টীন ইংহিৰ উদ্যোগত বৰ্তমানৰ ভাৰতীয় যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা উৰিষ্যাৰ বাসিন্দা ড০ স্মুৰ্ত্তি ৰঞ্জন লেংকাৰ সহযোগত পুৰী আৰক্ষীৰ সহায় লৈ পুৰীৰ নিলাপাৰাত আৱদ্ধ হৈ থকা চাৰিওজন শ্ৰমিককে উদ্ধাৰ কৰে। শেহতীয়াকৈ চাৰিওজনকে অসমলৈ উভতাই পঠিয়াই। ।