বঢ়মপুৰ সমষ্টিত ৯টা  পথৰ আধাৰশিলা স্থাপন

নগাঁৱৰ বঢ়মপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত প্ৰায় ৯টা  পথৰ আধাৰশিলা স্থাপন কৰে বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে।

author-image
Asomiya Pratidin
New Update
582

ডিজিটেল সংবাদ, বঢ়মপুৰ : নগাঁৱৰ বঢ়মপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত প্ৰায় ৯টা  পথৰ আধাৰশিলা স্থাপন কৰে বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে। লোকনিৰ্মাণ বিভাগৰ বঢ়মপুৰ ক্ষেত্ৰীয় পথ সংমণ্ডলৰ অন্তৰ্গত ২০২৫-২৬ বিত্তীয় SOPD-G পুঁজিৰে চাহ বাগিচা অঞ্চলকে আদি কৰি ভিতৰুৱা গ্ৰামাঞ্চলৰ প্ৰায় ৯টা পথৰ আধাৰশিলা কৰে বিধায়কগৰাকীয়ে।

উন্নয়নৰ বতৰা লৈ বিধায়কগৰাকীয়ে পথৰ আধাৰশিলা কৰা বাবে উৎফুল্লিত হৈ পৰে স্থানীয় লোকসকল। ইয়াৰ পাছতেই বিধায়কগৰাকী চলচলি জলাহ গাঁৱত উপস্থিত হৈ বন্যহস্তীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হোৱা তিনি ব্যক্তি ক্ৰমে তুলসী শ‌ইকীয়া,পংকজ শ‌ইকীয়া আৰু ভাইটি শ‌ইকীয়াৰ ঘৰত উপস্থিত হৈ সমগ্ৰ ঘটনাৰ বিষয়ে বুজ লয়।

বঢ়মপুৰ