/asomiyapratidin/media/media_files/2025/11/18/261-2025-11-18-23-44-29.jpg)
ডিজিটেল সংবাদ, কোকৰাঝাৰ : প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৫৩ সংখ্যক জন্মদিন উপলক্ষে আজি বিটিচি প্ৰশাসনৰ উদ্যোগত কোকৰাঝাৰৰ গৌৰাং নৈৰ পাৰৰ চান্দামাৰীত বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হয়। জুবিনৰ জন্মদিন উপলক্ষে বিটিচি চৰকাৰৰ উদ্যোগত চান্দামাৰীৰ প্ৰায় ৩০ বিঘা ভূমিত আয়োজিত হোৱা বিশাল আয়োজনত বিটিচিৰ মুখ্য কাৰ্যবাহী সহিতে বিটিচিৰ আন কাৰ্যবাহী সদস্য, নিৰ্বাচিত পাৰিষদে অংশগ্ৰহণ কৰি জুবিনৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/18/whatsapp-i-2025-11-18-23-44-15.jpeg)
ইয়াৰ পিছতে হাগ্ৰামা মহিলাৰী নিজেই জুবিনৰ জন্মদিন উপলক্ষে ৰক্তদান কৰে । তদুপৰি কোকৰাঝাৰৰ গৌৰাং নৈৰ পাৰৰ চান্দামাৰীত ৩০ বিঘা ভূমিত নিৰ্মান হ'বলগীয়া জুবিন গাৰ্গ উদ্যানৰ আধাৰশিলা স্থাপন কৰে হাগ্ৰামা মহিলাৰীয়ে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/18/whatsapp-image-2025-11-18-23-43-06.jpeg)
জুবিন গাৰ্গ উদ্যানৰ আধাৰশিলা স্থাপন কৰাৰ পিছত হাগ্ৰামা মহিলাৰীয়ে জুবিনৰ স্মৃতিক সুঁৱৰি এজোপা নাহৰ গছৰ পুলি ৰোপন কৰে। ইয়াৰ পিছতেই বিটিচিৰ মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰীয়ে সংবাদমাধ্যমৰ আগত কয় যে জুবিন তেওঁৰ ভাল বন্ধু আছিল। বিটিচিৰ বাবে আজি ঐতিহাসিক দিন বুলি মন্তব্য কৰি হাগ্ৰামা মহিলাৰীয়ে কয় যে বিটিচিবাসীয়ে বিচৰা ধৰণে বিটিচি চৰকাৰৰ উদ্যোগত জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি আৰু উদ্যান নিৰ্মান কৰা হ'ব।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/18/whatsapp-image-202-2025-11-18-23-43-49.jpeg)
মহিলাৰীয়ে কয় যে উদ্যানৰ ভিতৰত ছুইমিং পুল , খেল-ধেমালি, শিশু উদ্যান থাকিব আৰু এবাৰ পাৰ্কত সোমালে পাৰ্কৰ পৰা ওলাই যাব মন নাযাব। ইয়াৰোপৰি বিটিচিত ড° ভূপেন হাজৰিকাৰ এটা সুউচ্চ প্ৰতিমূৰ্তি নিৰ্মান কৰা হ'ব আৰু জিলাখনৰ গোসাঁইগাঁওত শ্ৰীমন্ত শংকৰদেৱ ভৱন নিৰ্মান কৰা হ'ব ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/18/whatsapp-imag-2025-11-18-23-43-19.jpeg)
আনহাতে জুবিনে তামুলপুৰ আৰু বিজনীৰ যি দুখন বিদ্যালয়ত অধ্যায়ন কৰিছিল সেই বিদ্যালয় দুখনৰ আন্তঃ গাঁথনি উন্নয়ন কৰা হ'ব বুলি মন্তব্য কৰে হাগ্ৰামা মহিলাৰীয়ে। হাগ্ৰামা মহিলাৰীয়ে কয় যে এই বন্ধুত্বৰ স্মৃতি চিৰদিনে যুগমীয়া হৈ থাকিব ।
উল্লেখ্য যে বিটিচি চৰকাৰৰ উদ্যোগত আয়োজিত হোৱা আজিৰ অনুষ্ঠানত বিভিন্ন ঠাইৰ পৰা হাজাৰ হাজাৰ লোকে অংশগ্ৰহণ কৰে। চান্দামাৰীৰ প্ৰস্তাৱিত জুবিন গাৰ্গ পাৰ্কত বিৰ দি বাট নোপোৱা পৰিৱেশৰ সৃষ্টি হয়।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/18/whatsapp-imag-2025-11-18-23-43-34.jpeg)
বিদ্যালয় -মহাবিদ্যালয়ৰ হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰী , শিল্পী, সাধাৰণ জনতাই অনুষ্ঠানত অংশগ্ৰহণ কৰাত প্ৰচণ্ড ভিৰৰ সৃষ্টি হয়। অনুষ্ঠানত জুবিনৰ মায়াবিনী গীতটো ২৫ হাজাৰ শিল্পীয়ে বড়ো আৰু অসমীয়া ভাষাত পৰিৱেশন কৰি ইতিহাসৰ সৃষ্টি কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us