জামুগুৰিহাটত বিদ্যালয়ৰ ৰান্ধনী গৃহৰ আধাৰশিলা স্থাপন বিধায়ক পদ্ম হাজৰিকাৰ

প্ৰায় চাৰি লাখ টকা ব্যয় সাপেক্ষে নিৰ্মান হ'ব লগা এই ৰান্ধনী গৃহৰ আধাৰশিলা স্থাপন কৰি বিধায়কগৰাকীয়ে সমষ্টিটোৰ পুৰনি বিদ্যালয়সমূহৰ আন্তঃগাঁঠনি উন্নয়নৰ বাবে বিভিন্ন আচনি ৰূপায়ন কৰি অহাৰ বিষয়টো অৱগত কৰে ৷

author-image
Asomiya Pratidin
New Update
269

ডিজিটেল সংবাদ, জামুগুৰিহাট : জামুগুৰিহাটৰ অতি পুৰণি বিদ্যালয়ৰূপে পৰিচিত বৰভগীয়া মজলীয়া বিদ্যালয়ৰ এটি ৰান্ধনী গৃহৰ আধাৰশিলা বুধবাৰে স্থাপন কৰে বিধায়ক পদ্ম হাজৰিকাই ৷ প্ৰায় চাৰি লাখ টকা ব্যয় সাপেক্ষে নিৰ্মান হ'ব লগা এই ৰান্ধনী গৃহৰ আধাৰশিলা স্থাপন কৰি বিধায়কগৰাকীয়ে সমষ্টিটোৰ পুৰনি বিদ্যালয়সমূহৰ আন্তঃগাঁঠনি উন্নয়নৰ বাবে বিভিন্ন আচনি ৰূপায়ন কৰি অহাৰ বিষয়টো অৱগত কৰে ৷  

বৰভগীয়া মজলীয়া বিদ্যালয়খনিত আৰু তিনি কোটি টকা ব্যয় সাপেক্ষে এটি বিজ্ঞানসন্মত টয়লেট নিৰ্মানৰ কথাও ঘোষণা কৰে বিধায়ক হাজৰিকাই ৷ আধাৰশিলা অনুষ্ঠানটিত নদুৱাৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া প্ৰণৱ কুমাৰ বৰা, শোণিতপুৰ জিলা বিজেপিৰ উপসভাপতি নিতুমনি বৰাকে ধৰি বিশিষ্ট ব্যক্তি সকলেও অংশগ্ৰহণ কৰে ৷ 

জামুগুৰিহাট