/asomiyapratidin/media/media_files/2026/02/18/grtgrfefed-2026-02-18-19-22-07.jpg)
ডিজিটেল সংবাদ, নগাঁওঃ মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ স্থায়ী চৌহদত ৰাজ্যসভাৰ সাংসদ তথা অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ সাংসদ উন্নয়ন পুঁজিৰে ৩৬ লাখ টকাৰ ব্যয়ত নিৰ্মাণ হ’বলগীয়া আন এক নতুন শৈক্ষিক ভৱনৰ আধাৰশিলা বুধবাৰে পুৱা স্থাপন কৰা হয়। এই আধাৰশিলা স্থাপন কাৰ্যসূচীৰ শুভাৰম্ভ কৰে শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ পদাধিকাৰ তথা বিশ্ববিদ্যালয়খনৰ আচাৰ্য ভবেন্দ্ৰনাথ ডেকাই। অনুষ্ঠানটিৰ আঁত ধৰে সঙ্ঘৰ প্রধান সম্পাদক তথা বিশ্ববিদ্যালয়খনৰ সমন্বয়ক কুশল ঠাকুৰীয়াই।
এই অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ উপাচার্য ড° অশোক কুমাৰ বৰা, ট্রাষ্ট সমিতিৰ সভাপতি প্রফুল্ল চন্দ্ৰ বৰা, পৰিচালন ন্যাসৰক্ষী দীপক কুমাৰ বৰা, সঙ্ঘৰ যুটীয়া সম্পাদক তোষেশ্বৰ বৰা, বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড° শৰৎ হাজৰিকা, থ্রিফট এণ্ড ক্রেডিট কো-অপাৰে টিভ চ’চাইটিৰ সভাপতি হৰেন্দ্ৰ বৰা, বিশ্ববিদ্যালয়ৰ বিষয়া-কৰ্মচাৰীসকলৰ লগতে নগাঁও আৰু মৰিগাঁও জিলা শাখাৰ মূল সদস্য, শৰণাচার্য, নগাঁও জিলা শাখাৰ সভাপতি-সম্পাদকসহ শতাধিক শুভাকাংক্ষী উপস্থিত থাকে।
অনুষ্ঠানত ভাষণ প্ৰদান কৰি বক্তাসকলে বিশ্ববিদ্যালয়খনৰ সামগ্ৰিক উন্নয়নৰ ক্ষেত্ৰত সাংসদ ৰঞ্জন গগৈয়ে আগবঢ়োৱা এই সহযোগিতাক গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰে। বিশ্ববিদ্যালয় কৰ্তৃপক্ষই তেওঁৰ এই মহানুভৱতাৰ বাবে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। ইয়াৰ লগতে বিশ্ববিদ্যালয় চৌহদত ড্ৰোনৰ সহায়ত মাষ্টাৰ প্লেনৰ চাৰ্ভে কামো আজি শুভাৰম্ভ কৰা হয় বুলি জানিব পৰা গৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us