/asomiyapratidin/media/media_files/2025/12/08/sdsdsdsd-2025-12-08-19-29-18.jpg)
ডিজিটেল সংবাদ, উৰিয়া গাঁওঃ মুখ্যমন্ত্ৰীৰ পকীপথ নিৰ্মাণ আঁচনি আৰু পথ নবীকৰণ আঁচনিৰ অধীনত নগাঁও-বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত উৰিয়া গাঁও পঞ্চায়ত, ভোটাইপাঠৰী, শিঙিয়া পোটনি, কাটনী গাঁও পঞ্চায়তৰ বিভিন্ন স্থানত নতুনকৈ নিৰ্মাণ হ'বলগীয়া ১৩ টাকৈ পথৰ আজি আধাৰশিলা স্থাপন কৰে নগাঁও-বটদ্রৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই।
২০২৫-২৬ বিত্তীয় বৰ্ষৰ পুঁজিৰে নিৰ্মাণ হবলগীয়া পথসমূহ হৈছে ক্ৰমে-
- চকৰিগাঁৱৰ পৰা পাঠৰী সংযোগী পথ,
- ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নিজপাঠৰী পৰা মাজপাঠৰী সংযোগী পথ,
- ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাজপাঠৰী বুঢ়াচুক পথৰ পৰা ভোটাইগাঁও সংযোগী পথ,
- মাজপাঠৰী শিঙিয়া চুক সংযোগী পথ,
- সোণাৰী গাঁৱৰ পৰা অৰ্জুনতল সংযোগী পথ,
- অৰ্জুনতলৰ ৩৬ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা গায়নগাঁও সংযোগী পথ,
- বিৰহীগাঁও নামঘৰৰ পৰা পোটনী হাতীগাঁও সংযোগী পথ,
- ননৈ আৰু চুতীয়া গাঁও সংযোগী (জিলা মূখ্য পথ)ৰ উন্নীতকৰণ,
- মাজগাঁও স্বাস্থ্য কেন্দ্ৰৰ পৰা মাজ উৰিয়াগাঁও সংযোগী পথ,
- মাজগাঁৱৰ পৰা উৰিয়াগাঁও ৰেল গেট সংযোগী পথ,
- মাজগাঁওৰ পৰা ভোটাইগাঁও সংযোগী পথ,
- ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা পোটনী সংযোগী পথ,
- ভোটাইগাঁওৰ পৰা পাঠৰি ভোটাইগাঁও গড়কাপ্তানী সংযোগী পথ
আধাৰশিলা স্থাপন অনুষ্ঠানত উপস্থিত থাকি বিধায়ক ৰূপক শৰ্মাই কয়- লোক নিৰ্মাণ বিভাগৰ জৰিয়তে গ্ৰামাঞ্চলৰ জৰাজীৰ্ণ পথ সমূহ পুনৰ নিৰ্মাণ কৰিবলৈ এনে আঁচনি গ্ৰহণ কৰা হৈছে। পথসমূহৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পিছত যাতায়তৰ ক্ষেত্ৰত স্থানীয় জনসাধাৰণৰ যথেষ্ট উপকৃত হব।
অনুষ্ঠানৰ অন্তত সাংবাদিকৰে হোৱা কথা বতৰাত বিধায়ক শৰ্মাই কয়- নিৰ্বাচনৰ সমাগত হোৱাৰ বাবে পথৰ আধাৰশিলা ৰাজনীতি কৰা বুলি হয়তো কোনোবাই ভাবিব পাৰে। কিন্তু তেনেদৰে ভবাটো ভুল। বিজেপি নেতৃত্বাধীন চৰকাৰখনে উন্নয়নৰ ৰাজনীতি কৰিছে। এই উন্নয়নৰ ধাৰা অব্যাহত থাকিব। বিধায়ক শৰ্মাই আধাৰশিলা স্থাপন কৰা পথসমূহৰ কাম নতুন বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ ভিতৰত সম্পূৰ্ণ হব বুলি উল্লেখ কৰে।
ইফালে, ৰাইজৰ দলৰ নেতা অখিল গগৈয়ে লুৰিণ জ্যোতি গগৈক মিঞা সমষ্টিৰ পৰা নিৰ্বাচন খেলিবৰ বাবে অফাৰ দিয়া সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নোত্তৰত বিধায়ক ৰূপক শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়-তেওঁলোকৰ ভোট বেংক ক'ত আছে সেয়া বদৰুদ্দিন আজমলেও জানে। বিগত লোকসভা নিৰ্বাচনত ধুবুৰীৰ সাংসদ গৰাকীক জয়ী কৰোৱাৰ ক্ষেত্ৰত অখিল গগৈৰ যথেষ্ট অৰিহনা আছে। তেওঁ নিৰ্বাচনত ভোটাৰ ৰাইজক যি ধৰণে শপত খুৱাইছিল। যি ধৰণে সমষ্টিটোত ভোটৰ কাৰণে প্ৰচাৰ কৰিছিল। তাৰ এটা প্ৰভাৱ নিৰ্বাচনত পৰা বুলি সকলোৱে জানে। গতিকে সংখ্যালঘু এলেকাত অখিল গগৈৰ জনপ্ৰিয়তা যথেষ্ট বেছি।
তেওঁ লগতে উল্লেখ কৰে যে, অখিল গগৈয়ে কথায়ে কওঁক,লুৰিণ জ্যোতি গগৈৰ কথাই কওঁক, দুয়োজনৰে সংখ্যালঘু সম্প্ৰদায়ৰ এলেকাত যথেষ্ট জনপ্রিয়তা আছে। আমিও বিচাৰো তেওঁলোকে সেইধৰণৰ ঠাইতেই নিৰ্বাচন খেলক। ভালকৈ জিকি আহিব পাৰে। এইবাৰ শিৱসাগৰ সমষ্টিৰ পৰা অখিল গগৈ জিকিব নোৱাৰে।সেইধৰণৰ সমষ্টি উজনিতে হওক বা নামনিতেই হওক। বিশেষকৈ য'ত হিন্দুপ্ৰধান ঠাই। তেনেকুৱা স্থানৰ পৰা তেওঁলোকে নিৰ্বাচন জিকাটো সম্ভৱ নহব। গতিকে তেওঁলোকৰ বাবে উচিত হব,সংখ্যালঘু এলেকাৰ পৰাই নিৰ্বাচন খেলা।
আধাৰশিলা স্থাপন অনুষ্ঠানত নগাঁও জিলা পৰিষদৰ সভানেত্ৰী গীতাঞ্জলি হাজৰিকা, ভোটাই পাঠৰী জিলা পৰিষদৰ সদস্যা স্বপ্নালী চাংকাকতি, লোকনির্মাণ বিভাৰ্গৰ কাৰ্যবাহী অভিযন্তা মৃনাল বৰা, সহকাৰী কাৰ্যবাহী অভিযন্তা বীৰেন্দ্ৰ দাসকে ধৰি দলীয় নেতা-কৰ্মী আৰু স্থানীয় ৰাইজ উপস্থিত থাকে। উল্লেখযোগ্য যে, বিগত তিনিটা দিনত নগাঁও-বটদ্রৱা সমষ্টিৰ অন্তৰ্গত বিভিন্ন স্থানত বিধায়ক ৰূপক শৰ্মাই ৩০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হব লগা ৫৩ টা পথৰ আধাৰশিলা স্থাপন কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us