মঙলদৈ ক্ৰীড়া সন্থাৰ ইনড’ৰ ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন

বৃহস্পতিবাৰে মঙলদৈত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া উপস্থিত থাকি মঙলদৈ ক্ৰীড়া সন্থাৰ ইনড’ৰ ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন কৰে। ইনড’ৰ ষ্টেডিয়ামৰ ভূমিপুজনেৰে সাংসদগৰাকীয়ে আধাৰশিলা স্থাপন কৰে ৷

author-image
Asomiya Pratidin
New Update
107

ডিজিটেল সংবাদ, মঙলদৈ : বৃহস্পতিবাৰে মঙলদৈত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া উপস্থিত থাকি মঙলদৈ ক্ৰীড়া সন্থাৰ ইনড’ৰ ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন কৰে। ইনড’ৰ ষ্টেডিয়ামৰ ভূমিপুজনেৰে সাংসদগৰাকীয়ে আধাৰশিলা স্থাপন কৰে ৷

উল্লেখযোগ্য যে, ১২ কোটি টকাৰে নিৰ্মাণ হ’ব মঙলদৈ ক্ৰীড়া সন্থাৰ ইনড'ৰ ষ্টেডিয়াম। ষ্টেডিয়ামৰ আধাৰশিলা অনুষ্ঠানত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই কয়- নিৰ্বাচনৰ টিকট দিয়াৰ ক্ষেত্ৰত ক'ৰবাত নহয়, ক'ৰবাত বুজা বুজি, এৰাধৰা কৰিবই লাগিব। প্ৰাৰ্থী অহা ২৫ তাৰিখৰ পিছত ঘোষণা কৰিব। এইবাৰ বিধানসভা নিৰ্বাচনত বহু নতুন প্ৰাৰ্থীয়ে টিকট পাব।

টিকটৰ ক্ষেত্ৰত চূড়ান্ত সিদ্ধান্ত ল'ব কেন্দ্ৰীয় সংসদীয় ব'ৰ্ডে। জিলা মণ্ডল স্তৰৰ পৰা আৰম্ভ কৰি জিলা ৰাজ্যিক স্তৰলৈ বা জিলাৰ সকলো মৰ্চাৰ লগত মতামত মৰ্মে টিকট দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। বিজেপিৰ আভ্যন্তৰীণ পদ্ধতিৰ জৰিয়তে টিকট দিয়া হ'ব, আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে বিজেপি আৰু NDA সাজু বুলিও তেওঁ কয়।

আনহাতে দলগাঁৱত সৰ্বাধিক ভোটাৰৰ মাজত কাক টিকট দিব বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই বিজেপিৰ সভাপতি দিলীপ শ‌ইকীয়াই। এটা বিশেষ স্থানত ভোটাৰ বেছি থকাটো স্বাভাৱিক বুলি মন্তব্য কৰে দিলীপ শ‌ইকীয়াই।

মঙলদৈ