/asomiyapratidin/media/media_files/2025/12/17/485-2025-12-17-22-48-09.jpg)
ডিজিটেল সংবাদ, চিৰাং : চিৰাং জিলাৰ কাশিকোত্ৰাত বুধবাৰে ৪৪ কোটি টকীয়া "হোটেল এণ্ড টুৰিজিম মেনেজমেণ্ট ইনষ্টিটিউট"ৰ আধাৰশিলা স্থাপন কৰে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে। উল্লেখ্য যে বিটিআৰ শান্তিচুক্তিৰ আধাৰত নিৰ্মাণ হ'বলগা হোটেল এণ্ড টুৰিজিম মেনেজমেণ্ট ইনষ্টিটিউটৰ আধাৰশিলা স্থাপন কৰিয়ে হাগ্ৰামা মহিলাৰীয়ে আক্ৰমণৰ লক্ষ্য কৰি লয় প্ৰাক্তন বিটিচি প্ৰধান প্ৰমোদ বড়োক ।
সংবাদ মাধ্যমৰ আগত মহিলাৰীয়ে কয় যে প্ৰমোদ বড়োই বিটিআৰ শান্তিচুক্তিৰ আধাৰত কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ পৰা হোটেল এণ্ড টুৰিজিম মেনেজমেণ্ট ইনষ্টিটিউটৰ আৰ্থিক অনুমোদন কৰি আনিছিল । কিন্তু অনুমোদন টকা হাতত নোপোৱাত প্ৰমোদ বড়োই আধাৰশিলাপৰ্যন্ত স্থাপন কৰা নাছিল আৰু এনেকৈয়ে গুচি গৈছে।
এতিয়া মোৰ ওপৰত দায়িত্ব আহি পৰিছে। উপায় নাই মই বিল্ডিং হ'লে বনাই দিম, কিন্তু এই ইনষ্টিটিউটটো কোনে আৰু কেনেকৈ চলিব - এইটো প্ৰশ্ন প্ৰমোদ বড়োক সুধিৱ লাগিব বুলি হাগ্ৰামা মহিলাৰীয়ে তেখেতৰ স্বভাৱসুলভ ভঙ্গিমাৰে কটাক্ষ কৰে। নহ'লে মই নিজেই অসম চৰকাৰ নাইবা কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনা কৰি কিবা এটা ব্যৱস্থা কৰিবই লাগিব বুলি মন্তব্য কৰে।
প্ৰমোদ বড়োই তেখেতৰ শাসনকালত অধিকাংশ কামকাজ এনেধৰনে আধৰুৱা কৰি থৈ গৈছে বুলি অভিযোগ উত্থাপন কৰে। উল্লেখ্য যে আজি চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ আমগুৰীত অসম মালা আচঁনিৰ অধীনত ৬১ কোটি টকা ব্যয় সাপেক্ষে আই নৈৰ দলঙৰ আধাৰশিলা স্থাপন কৰে।
আমগুৰী আৰু ঔগুৰী গাঁৱৰ মাজত সংযোগ কৰিবলৈ আই নৈৰ ওপৰত পকী দলং নিৰ্মাণ কৰিবলৈ ৰাইজৰ ফালৰ পৰা দীৰ্ঘদিনৰ পৰা দাবী কৰি আছিল। আমি আগৰ কাৰ্য্যকালৰ সময়ত উক্ত অঞ্চলৰ ৰাইজক প্ৰতিশ্ৰুতি দিছিলো আৰু সেইমৰ্মে আজি ৬১ কোটি টকা ব্যায় সাপেক্ষে অসম মালা আচঁনিৰ অধীনত আধাৰ শিলা কৰিছো বুলি মন্তব্য কৰে হাগ্ৰামা মহিলাৰীয়ে।
ইপিনে বাসুগাঁও চহৰৰ পৰা কচুদোলা হৈ কোকৰাঝাৰ তিনিআলি লৈকে অসম মালা আচঁনি হাগ্ৰামা মহিলাৰী বিটিচিৰ শাসনভাৰ গ্ৰহণ পিছত বাতিল কৰা বুলি অভিযোগ উত্থাপন কৰি ৰাইজে আন্দোলন কৰিছিল । সেই সন্দৰ্ভত হাগ্ৰামা মহিলাৰীয়ে কয় যে বাসুগাঁও-তিনিআলি সংযোগী অসম মালা আচঁনি প্ৰমোদ বড়োই হে বাতিল কৰিছিল মই কৰা নাই ।
প্ৰমোদ বড়োই বাতিল কৰিলেও কথা নাই উক্ত আচঁনিৰ অধীনত হাগ্ৰামা মহিলাৰীয়ে চম্পাৱতী নৈৰ ওপৰত দলং আৰু অসম মালাৰ পথ নিৰ্মাণ কৰা হব বুলি আশ্বাস প্ৰদান কৰে । অহা ২০২৬ ইং নতুন বছৰৰ জানুৱাৰী মাহত চিৰাং জিলাত আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।
তেখেতে কোকৰাঝাৰৰ পৰা ভুটানৰ গেলেফু চহৰলৈ ভাৰত-ভূটান সংযোগী ঐতিহাসিক ৰেলপথৰ শিলান্যাস কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। সকলো ঠিকে ঠাকে থাকিলে মোদী ডাঙৰীয়া অহাটো খাটাং বুলি দাবী কৰে । ইউপিপিএল দলৰ নেতা ৰঞ্জিত বসুমতাৰী ওৰফে ফেৰেঙ্গাই হাগ্ৰামা মহিলাৰীক সমালোচনা কৰি সংবাদ মাধ্যমৰ লোকে কৰা প্ৰশ্নৰ উত্তৰত হাগ্ৰামা মহিলাৰীয়ে ৰঞ্জিত বসুমতাৰী ওৰফে ফেৰেঙ্গাক চিনি নেপায় বুলি মন্তব্য কৰে ।
আজিৰ আধাৰশিলা স্থাপন অনুষ্ঠানত স্থানীয় পাৰিষদ শুকুৰসিং মুছাহাৰী, পাৰিষদ নন্দলাল মগৰ, বিপিএফ দলৰ উপ সভাপতি শুদ্ধ বসুমতাৰী সহ প্ৰায় দুই শতাধিক লোক উপস্থিত থাকে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us