ডিব্ৰুগড়ত কৈৱৰ্ত ভৱন-সতী ৰাধিকা সাংস্কৃতিক কেন্দ্ৰৰ আধাৰশিলা স্থাপন

আজি ডিব্ৰুগড় সমষ্টিৰ জামিৰা মৌজাৰ মহপুৱালিমুৰাৰ গোহাঁই গাঁৱত কৈৱৰ্ত ভৱন আৰু সতী ৰাধিকা সাংস্কৃতিক কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰা হয় ৷

author-image
Asomiya Pratidin
New Update
504

ডিজিটেল সংবাদ, ডিব্ৰুগড় : দেওবাৰে ডিব্ৰুগড় জিলাৰ অনুসূচিত জাতিৰ লোকসকলকৰ দীৰ্ঘদিনীয়া অভাৱ পূৰণ হ’ল ৷ ডিব্ৰুগড় জিলাৰ অনুসূচিত জাতিৰ লোকসকলে জিলাখনত এটা কৈৱৰ্ত ভৱন আৰু সতী ৰাধিকা সাংস্কৃতিক কেন্দ্ৰ স্থাপন কৰিবলৈ দাবী উত্থাপন কৰি আহিছিল ৷

আজি সেই অভাৱ পূৰণ কৰিলে ৰাজ্য চৰকাৰে ৷ আজি ডিব্ৰুগড় সমষ্টিৰ জামিৰা মৌজাৰ মহপুৱালিমুৰাৰ গোহাঁই গাঁৱত কৈৱৰ্ত ভৱন আৰু সতী ৰাধিকা সাংস্কৃতিক কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰা হয় ৷

আজি ডিব্ৰুগড়ৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী প্ৰশান্ত ফুকন মাংগলিক অনুষ্ঠানত আনুষ্ঠানিকভাৱে আধাৰশিলা স্থাপন কৰে ৷ ৰাজ্য চৰকাৰে আৱণ্টন দিয়া ৮০ লাখ টকাৰে আটকধুনীয়া সতী ৰাধিকা সাংস্কৃতিক কেন্দ্ৰটো স্থাপন কৰিব ৷  

আধাৰশিলা স্থাপন কৰি কেবিনেট মন্ত্ৰী প্ৰশান্ত ফুকনে এই কেন্দ্ৰটোত অনুসূচিত জাতিৰ ঐতিহ্য, সংস্কৃতি, পৰম্পৰাৰ চৰ্চা হ’ব বুলি উল্লেখ কৰে ৷ কেন্দ্ৰটো স্থাপনত সকলোকে নজৰ দিবলৈ আহ্বান জনায় ৷

আধাৰশিলা স্থাপন কাৰ্যসূচীত অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ মুখ্য উপদেষ্টা পৱিত্ৰ হাজৰিকা, সদৌ অসম কৈৱৰ্ত সন্মিলীনৰ সভাপতি জয়ন্ত দাস, মুখ্য উপদেষ্টা ডিম্বেশ্বৰ হাজৰিকা, উপদেষ্টা জয়ন্ত দাস, উপদেষ্টা গৌৰীশংকৰ দাস অনুসূচিত জাতিৰ বিভিন্ন সংগঠনৰ নেতা-কৰ্মী উপস্থিত থাকে ৷

ডিব্ৰুগড়