মাতৃভাষাৰ শ্ৰাদ্ধ পাতি গুৱাহাটী বিশ্ববিদ্যালয় চৌহদত আধাৰশিলা স্থাপন

গুৱাহাটী বিশ্ববিদ্যালয় চৌহদত আজৱ ঘটনা। একাংশ শিক্ষাবিদ- শিক্ষাব্ৰতী তথা বিষয়া- কৰ্মচাৰীৰ গুৰুত্বহীনতাৰ পৰিচয় দি বিশ্ববিদ্যালয় চৌহদত স্থাপন হ’ল আধাৰশিলাৰ। ঘটনাৰ সময় বেছি দিনৰ নহয়, ১৫ ডিচেম্বৰ ২০২৫ সোমবাৰ। 

author-image
Asomiya Pratidin
New Update
474

ডিজিটেল ডেস্ক : গুৱাহাটী বিশ্ববিদ্যালয় চৌহদত আজৱ ঘটনা। একাংশ শিক্ষাবিদ- শিক্ষাব্ৰতী তথা বিষয়া- কৰ্মচাৰীৰ গুৰুত্বহীনতাৰ পৰিচয় দি বিশ্ববিদ্যালয় চৌহদত স্থাপন হ’ল আধাৰশিলাৰ। ঘটনাৰ সময় বেছি দিনৰ নহয়, ১৫ ডিচেম্বৰ ২০২৫ সোমবাৰ। 

আজিৰ এই দিনটোতে বিশ্ববিদ্যালয়খনৰ সন্মানীয় উপাচাৰ্য ননী গোপাল মহন্তই বিশ্ববিদ্যালয় চৌহদত স্থাপন কৰে ‘শ্বহীদ বেদী’ পুনৰ নিৰ্মাণৰ আধাৰশিলা। আধাৰশিলা স্থাপন পৰ্ব ঠিকেই সম্পন্ন হ’ল। কিন্তু তাৰ মাজতে আধাৰশিলাৰ ফলকত থকা মাৰত্মক ভুলটোহে উপস্থিত থকা লোকসকলৰ চকুত নপৰিল। 

আধাৰশিলা স্থাপনৰ কাৰণ আৰু স্থাপনকাৰীৰ নাম উল্লেখ থকা ফলকখনত বিশ্ববিদ্যালয়ৰ ঠাইত লিখিলে 'বিশ্বব্যিালয়' বুলি। অতবোৰ শিক্ষাবিদ আৰু বিজ্ঞলোকেৰে ভৰা বিশ্ববিদ্যালয়খনৰ চৌহদত মাতৃভাষাৰ এনে অৱস্থা হোৱা কাৰ্যক লৈ স্তম্ভিত হৈছে সচেতন মহল। ইয়াকে লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। 

গুৱাহাটী বিশ্ববিদ্যালয়