/asomiyapratidin/media/media_files/2026/02/21/184-2026-02-21-14-31-44.jpg)
ডিজিটেল সংবাদ,মথুৰাপুৰ : শনিবাৰে চৰাইদেউ জিলাৰ মথুৰাপুৰ উজনি কোঁৱৰ গাঁও নামঘৰ নাম-কীৰ্তন, ভাগৱত পাঠ আৰু ব্যাখ্যা, ভাগৱত পৰিভ্ৰমণ আদি দিনজোৰা কাৰ্য্যসূচীৰে ২৬ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় ৷ নামঘৰৰ পৰিচালনা সমিতিৰ উদ্যোগত সমূহ জ্ঞাতিবৰ্গ সহযোগত অনুষ্ঠিত প্ৰতিষ্ঠা দিৱস উপলক্ষে অঞ্চলটোৰ বাহিৰ কৰা ভাগৱত শোভাযাত্ৰাত আই-মাতৃ আৰু বাপ-বান্ধৱসকলে খোল-তাল , দবা, বৰকাঁহ হৰিনাম কীৰ্তনেৰে মুখৰিত কৰি তোলে আকাশ বতাহ ৷
ভাগৱত যাত্ৰাত প্ৰতি গৃহস্থৰ পদুলিয়ে-পদুলিয়ে পৰিভ্ৰমণ কৰে আৰু গৃহস্থসকলে ধুপ-নৈবদ্যৰে সেৱা আগবঢ়াই ভাগৱতৰ আশীৰ্বাদ গ্ৰহণ কৰে ৷ ভাগৱত ভ্ৰমণ যাত্ৰাৰ পূৰ্বে ধৰ্মধ্বজা স্থাপন,স্মৃতি তৰ্পন, গছপুলি ৰোপণ পিছতে অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গকলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷
ইয়াৰ পিছতেই দিলীপ সন্দিকৈ আৰু ৰমেশ পাটৰ ভাগৱত পাঠ আৰু ব্যাখ্যাৰ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে ৷ দুয়ো গৰাকী নামচাৰ্য অতি সাৱলীল কণ্ঠেৰে ভাগৱত গীতাৰ পাঠ আৰু ব্যাখ্যাৰে উপস্থিত সকলোকে মোহাচ্ছন্ন কৰি তোলে ৷
ভাগৱত ব্যাখ্যাৰ সমান্তৰালভাৱে আই- মাতৃ আৰু বাপ-বান্ধৱসকলৰ সমূহীয়া নাম-প্ৰসংগৰে নামঘৰত এক ওখল-মাখল পৰিবেশৰ সৃষ্টি কৰে। ভক্তি ৰসত আপ্লুত হৈ উপস্থিতসকলে প্ৰতিষ্ঠা দিৱসৰ কাৰ্য্যসূচী আকৰ্ষণীয় কৰি তোলে ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us