/asomiyapratidin/media/media_files/2025/08/25/cxcxcxcxc-2025-08-25-19-47-28.jpg)
ডিজিটেল সংবাদ, উৰিয়া গাঁওঃ অসম নাট্য সন্মিলন নগাঁও জিলা সমিতিৰ অন্তৰ্গত "কলংপাৰ" শাখাৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসটি সোমবাৰে গোমোঠা গাঁও প্ৰাথমিক বিদ্যালয়ত উদযাপন কৰা হয়। এই উপলক্ষে কাৰ্যসূচী অনুসৰি পুৱা বন্তি প্ৰজ্বলনৰ লগতে পতাকা উত্তোলন কৰে শাখাৰ কাৰ্যকৰী সভাপতি কিৰণ কুমাৰ নেওগ আৰু শাখাৰ সভাপতি মাধৱ চন্দ্ৰ বৰাই।
সৈনিক শিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ প্রতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰে অসম নাট্য সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক সুৰজ কুমাৰ শইকীয়াই। ইয়াৰ পিছতে শাখাৰ সভাপতি মাধৱ চন্দ্ৰ বৰাৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হয়। শাখাৰ সম্পাদক গোলাপ বৰা আৰু সহ: সম্পাদক নিপুল বৰাই আঁত ধৰা সভাখনত অসম নাট্য সন্মিলনৰ কেন্দ্রীয় সমিতিৰ সহকাৰী সম্পাদক সুৰজ কুমাৰ শইকীয়াই অংশগ্ৰহণ কৰি অসম নাট্য সন্মিলনৰ সাংগঠনিক দিশ শক্তিশালী কৰাৰ বাবে কেন্দ্ৰীয় সমিতিয়ে লোৱা বিভিন্ন কাৰ্যপন্থাৰ সম্পৰ্কে আলোকপাত কৰাৰ লগতে তেওঁ নতুন চিন্তা,নতুন ধ্যান ধাৰণাৰে বিজ্ঞানসন্মত ভাৱে সকলোৱে অসম নাট্য সন্মিলনক আগুৱাই নিব লাগিব বুলি ভাষণত উল্লেখ কৰে।
ইফালে, সভাত নগাঁও জিলা সমিতিৰ সম্পাদক জিতুমনি মহন্তই উল্লেখ কৰে যে, আমাৰ জাতীয় কৃষ্টি-সংস্কৃতি আমি জীয়াই ৰাখিব লাগিব। অন্যথা জাতীয় অস্তিত্বৰ প্ৰতি সংকট নামি আহিব। ভাষণত জিলা সম্পাদক মহন্তই যুৱ প্ৰজন্মক নাট-কলা সংস্কৃতিৰ আকৃষ্ট কৰাৰ বাবে অসম নাট্য সন্মিলনে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়ে সভাত দাঙি ধৰে।
সভাত শাখাৰ সম্পাদক তথা নাট্যকৰ্মী গোলাপ বৰাই কলংপাৰ শাখাক সক্ৰিয় কৰি তোলাত গুৰুত্ব আৰোপ কৰাৰ লগতে উঠি অহা প্ৰজন্মৰ মাজত নাট্য চৰ্চাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যেৰে শাখাই প্ৰতি দুমাহৰ মূৰে মূৰে এক নাট্য বিষয়ক আলোচনা চক্ৰ অনুষ্ঠিত কৰা উচিত বুলি মন্তব্য কৰে। একেদৰে, সভাত শাখাৰ উপদেষ্টা তথা সমাজকৰ্মী ক্ষেমকান্ত শৰ্মা, কাৰ্যকৰী সভাপতি কিৰণ কুমাৰ নেওগে শাখাৰ সাংগঠনিক দিশ শক্তিশালী কৰাত গুৰুত্ব আৰোপ কৰে। উক্ত অনুষ্ঠানত গোমোঠা গাঁও প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰত্নেশ্বৰ বৰা, শাখাৰ উপ সভাপতি প্ৰবোধ কুমাৰ বৰা, সহ: সম্পাদক প্ৰবীন চন্দ্ৰ বৰা, উৰিয়া গাঁও আঞ্চলিক পঞ্চায়তৰ সদস্য জয়ন্ত কুমাৰ বৰা, গাঁও প্ৰধান নিপাংকৰ শইকীয়া, সমাজকৰ্মী দেবেন বৰা, লাতুমনি নেওগ, ক্ষীৰোদ শৰ্মা, বৰুণ জ্যোতি নেওগ, ৰিতু নেওগ, পদ্ম হাজৰিকা, হেমন্ত কলিতা, লক্ষ্যজিৎ চমুৱা, দোলন চন্দ্ৰ বৰা আদি উপস্থিত থাকে।