/asomiyapratidin/media/media_files/2025/08/21/fdsrwer-2025-08-21-20-08-32.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলাৰ বটদ্ৰৱা অঞ্চলৰ অগ্ৰণী শিক্ষানুষ্ঠান শ্ৰী শ্ৰী শংকৰদেৱ মহাবিদ্যালয়ে গৌৰৱোজ্জ্বল ৩৬ বৰ্ষত ভৰি দিলে। ১৯৮৯ চনতে বটদ্ৰৱা অঞ্চলত প্ৰতিষ্ঠা লাভ কৰা শিক্ষানুষ্ঠান খনৰ ৩৬ সংখ্যক প্ৰতিষ্ঠা দিৱসটি বৃহস্পতিবাৰে দিনযোৰা কাৰ্য্যসূচীৰে অনুষ্ঠিত হয়।
কাৰ্যসূচী অনুসৰি পুৱা ১০ বজাত পতাকা উত্তোলন কৰে মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি সুজিত কুমাৰ শৰ্মাই, শ্বহীদ তৰ্পণ কৰে উপাধ্যক্ষ দেৱজিৎ মহন্তই আৰু বন্তি প্ৰজ্বলন কৰে মহাবিদ্যালয় খনৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ভোগেশ্বৰ বৰাই। তাৰপাছতে অনুষ্ঠিত মুকলি সভাত আদৰণি ভাষণ প্ৰদান কৰে অধ্যক্ষা ড০ নমিতা কলিতাই। সভাত মহাবিদ্যালয়ৰ আলোচনী আকাশী গঙ্গা উন্মোচন কৰে প্ৰতিষ্ঠাপক অধ্যক্ষ ভোগেশ্বৰ বৰা আৰু নগাঁও জিলা আয়ুক্ত দেৱশীষ শৰ্মাই।
ইফালে, আয়ুক্ত দেৱশীষ শৰ্মা পোনপ্ৰথমবাৰৰ বাবে মহাবিদ্যালয়খনত উপস্থিত হৈ ছাত্ৰ ছাত্ৰী সকলৰ লগত মত বিনিময় কৰি সময়ৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই বৰ্তমান শিক্ষা ব্যৱস্থাত শিক্ষাৰ সমান্তৰালকৈ কলা, সংস্কৃতি আৰু সমাজ ব্যৱস্থাৰ লগত একাত্ম হবলৈ আহ্বান জনায়। অনুষ্ঠানটিত মহাপুৰুষ শঙ্কৰদেৱ বিষয়ক এটি অডিঅ ভিজুৱেল কথোপকথন উন্মোচন কৰা হয়।
আনহাতে, সভাত মুখ্য অতিথিৰূপে অংশ গ্ৰহণ কৰি বিধায়ক ৰূপক শৰ্মাই বটদ্ৰৱা অঞ্চলৰ একমাত্ৰ উচ্চ শিক্ষাৰ অনুষ্ঠানটিৰ উত্তৰণৰ বাবে প্ৰয়োজনীয় সকলো কাৰ্যব্যৱস্থা গ্ৰহণ কৰি অনুষ্ঠানটিক আগুৱাই নি অঞ্চলৰ ছাত্ৰ ছাত্ৰী সকলৰ কাম কৰি যাম বুলি ভাষণ প্ৰদান কৰে। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত মহাবিদ্যালয়ৰ অধ্যাপক অধ্যাপিকা, কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰী, অতিথিসহ সহস্ৰাধিক লোক উপস্থিত থাকে। ইফালে বটদ্ৰৱা শ্ৰী শ্ৰী শংকৰদেৱ মহাবিদ্যালয়ত শনিবাৰে নৱাগত আদৰণি সভা আৰু ২৩ আগষ্টত ফাটেহা ই দোৱাজ দহম অনুষ্ঠিত হব বুলি জানিব পৰা গৈছে।