/asomiyapratidin/media/media_files/2025/08/18/xzxzxzx-2025-08-18-17-47-38.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ ১৯৮৯ চনৰ ২১ আগষ্টত প্ৰতিষ্ঠা লাভ কৰা নগাঁও জিলাৰ ঐতিহ্যমণ্ডিত বটদ্ৰৱা অঞ্চলৰ একমাত্ৰ উচ্চ শিক্ষাৰ অনুষ্ঠান বটদ্ৰৱাৰ শ্ৰীশ্ৰী শংকৰদেৱ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসটি অহা ২১ আগষ্ট তাৰিখে দিনযোৰা কাৰ্যসূচীৰে পালন কৰা হব।
কাৰ্যসূচী অনুসৰি সেইদিনা পুৱা ১০ বজাত পতাকা উত্তোলন কৰিব মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি সুজিত কুমাৰ শৰ্মাই, শ্বহীদ তৰ্পণ কৰিব উপাধ্যক্ষ দেৱজিৎ মহন্তই আৰু বন্তি প্ৰজ্বলন কৰিব প্ৰতিষ্ঠাপক অধ্যক্ষ ভোগেশ্বৰ বৰাই। পাছত আদৰণি ভাষণ প্ৰদান কৰিব অধ্যক্ষা ড০ নমিতা কলিতাই। সভাত মহাবিদ্যালয়ৰ আলোচনী আকাশী গঙ্গা উন্মোচন কৰা হব আৰু মহাপুৰুষ শঙ্কৰদেৱ বিষয়ক এটি অডিঅ ভিজুৱেল কথোপকথন উন্মোচন কৰা হব।
উক্ত প্ৰতিষ্ঠা দিৱসৰ আলোচনা সভাত নগাঁও বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ হিতেশ ডেকা, বিধায়ক ৰূপক শৰ্মা, নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাকে আদি কৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়েঅংশ গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে।