/asomiyapratidin/media/media_files/2025/08/16/ddsdsdsds-2025-08-16-15-19-29.jpg)
ডিজিটেল সংবাদ, বজালীঃ শনিবাৰে পালন কৰা হয় ভট্টদেৱ বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস। বিশ্ববিদ্যালয়খনৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এই অনুষ্ঠানত ৰাষ্ট্ৰীয় শিক্ষা নীতি সন্দৰ্ভত ছাত্ৰ ছাত্ৰী আৰু অধ্যাপক অধ্যাপিকা সকলৰ মাজত বিশেষ ভাষণ প্ৰদান কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ননীগোপাল মহন্তই।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/08/16/ddsdsdsdsjkjk-2025-08-16-15-21-53.jpg)
এই সভাত সভাপতিত্ব কৰে ভট্টদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ধনপতি ডেকাই। লগতে উপস্থিত থাকে অসম বিধান সভাৰ প্ৰাক্তন অৱসৰী প্ৰধান সচিব হেমেন দাস, ভট্টদেৱ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক অধ্যাপক মনজিৎ দাসৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তি সকল। অনুষ্ঠানটো আঁতধৰে অসমীয়া বিভাগৰ অধ্যাপিকা হিৰুমণি কলিতাই। আনহাতে, শলাগৰ শৰাই আগবঢ়াই উদ্ভিদ বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক কনক দাসে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/08/16/sdsdsda-2025-08-16-15-22-11.jpg)
উল্লেখযোগ্য যে, ১৯৫৫ চনৰ ১৬ আগষ্ট তাৰিখে শিক্ষানগৰী পাঠশালাত বজালী মহাবিদ্যালয় স্থাপন কৰা হৈছিল। বজালী মহাবিদ্যালয়ক উন্নীত কৰি অসম চৰকাৰে ২০১৭ চনৰ ৭ ছেপ্টেম্বৰত গৃহীত কৰি ভট্টদেৱ বিশ্ববিদ্যালয় বিধেয়ক, ২০১৭ৰ অধীনত ভট্টদেৱ বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰিছিল ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us