/asomiyapratidin/media/media_files/2025/02/21/nfvaD4jWEUgp6yhLMB1o.jpg)
মথুৰাপুৰ উজনি কোঁৱৰগাঁও নামঘৰৰ প্ৰতিষ্ঠা দিৱস উদযাপন
ডিজিটেল সংবাদ, মথুৰাপুৰ : চৰাইদেউ জিলা মথুৰাপুৰ উজনি কোঁৱৰগাঁৱৰ নামঘৰৰ গৌৰৱজ্জল ২৫ সংখ্যক প্ৰতিষ্ঠা দিৱসটি শুকুৰবাৰে দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় ৷ প্ৰতিষ্ঠা দিৱস উপলক্ষে পুৱা আই-মাতৃ আৰু বাপ-বান্ধৱসকলে ভাগৱত যাত্ৰা বাহিৰ কৰে ৷
খোল-তাল, দবা, বৰকাঁহ হৰিনাম ধ্বনিৰে অঞ্চলটোল প্ৰতি গৃহস্থৰ পদূলিয়ে-পদূলিয়ে পৰিভ্ৰমণ কৰে আৰু গৃহস্থসকলে ধুপ-নৈবদ্যৰে সেৱা আগবঢ়াই ভাগৱতৰ আশীৰ্বাদ গ্ৰহণ কৰে ৷ ভাগৱত ভ্ৰমণ যাত্ৰাৰ পিছতে নামঘৰত একত্ৰিত হৈ আই- মাতৃসকলৰ সমূহীয়া নাম-প্ৰসংগই নামঘৰত এক উখল-মাখল পৰিবেশৰ সৃষ্টি কৰে।
ভক্তিৰসত আপ্লুত হৈ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী আকৰ্ষণীয় কৰি তোলে নাম-প্ৰসংগই ৷ উল্লেখ্য যে ইয়াৰ পূৰ্বে ধৰ্মধ্বজা উত্তোলন কৰে বিপুল ৰাজ কোঁৱৰে ৷ স্মৃতি তৰ্পণ মুকলি কৰে পূনানন্দ বঢ়াগোঁহাইয়ে ৷
ইয়াৰ পিছতে বৈকুণ্ঠগামী ব্যক্তিসকলক সুঁৱৰি এক মৌন প্ৰাৰ্থনা কৰি আত্মাৰ সদগতি কামনা কৰে ভক্তসকলে ৷ দুপৰীয়া ধৰ্মপ্ৰাণ ব্যক্তি দিলীপ সন্দিকৈ আৰু লীলা ফুকনে ভাগৱত পাঠ আৰম্ভ কৰে ৷ আনহাতে সন্ধিয়া নামঘৰৰ চৌহদত বন্তি প্ৰজ্বলনেৰে দিনজোৰা প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ সফল সামৰণি পৰিব বুলি উদ্যোক্তাই জনায় ৷