মথুৰাপুৰ সমন্বয় সংগীত বিদ্যালয়ত প্ৰতিষ্ঠা দিৱস উদযাপন

author-image
Asomiya Pratidin
New Update
মথুৰাপুৰ সমন্বয় সংগীত বিদ্যালয়ত প্ৰতিষ্ঠা দিৱস উদযাপন

ডিজিটেল সংবাদ,মথুৰাপুৰঃ দেওবাৰে মথুৰাপুৰ সমন্বয় সংগীত বিদ্যালয় সপ্তম সংখ্যক প্ৰতিষ্ঠা দিৱসটি মথুৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত পালন কৰা হয় ৷ ২০১৬ চনত প্ৰতিষ্ঠা লাভ কৰা সংগীত বিদ্যালয়খনৰ প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে অধ্যক্ষা মঞ্জু বৰুৱা ৰাজকোঁৱৰে বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচী শুভাৰম্ভ কৰে ৷ ইয়াৰ পিচতে পৰিচালনা সমিতিৰ সভাপতি প্ৰদীপ গগৈ সভাপতি এখন সভা অনুষ্ঠিত হয় ৷ সংগীত বিদ্যালয় ছাত্ৰছাত্ৰী সকলে সমবেত সংগীত পৰিবেশন কৰা সভাৰ সহঃ সম্পাদক প্ৰণৱ বৰগোহাঁইয়ে উদ্দেশ্য ব্যাখ্যাত বিদ্যালয় প্ৰতিষ্ঠা কালৰ গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়াই ৷

Advertisment

সভাত সাংবাদিক বিপন হাজৰিকা আৰু অংশুমান দত্তক বিশেষ ভাৱে সম্বৰ্ধনা জনোৱা হয় ৷ সভাত মথুৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় জেষ্ঠ্য শিক্ষক দিপক ৰাজকোঁৱৰ,সংগীত বিদ্যালয়ৰ শিক্ষক প্ৰবীন হাজৰিকাকে ধৰি ভালেকেইজন বিশিষ্ট ব্যক্তি উপস্থিতি থাকি বক্তব্য ৰাখে ৷ প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি সভাত সংগীত বিদ্যালয়ৰ ছাত্ৰছাত্ৰী সকলে মাতৃ আখৰা,বৰগীত,লোকগীতৰ লগতে অসমৰ‌ কৃষ্টি-সংস্কৃতিৰ বিভিন্ন অনুষ্ঠান প্ৰদৰ্শন কৰি উপস্থিত ৰাইজক আপ্লুত কৰে ৷

assam mathurapur