ঢকুৱাখনা মহাবিদ্যালয় (স্বায়ত্বশাসিত)ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ দশৰথ পাঠক আৰু নাই

ঢকুৱাখনাত উচ্চ শিক্ষা প্ৰসাৰণত বৰেণ্য অৱদান আগবঢ়াই যোৱা ঢকুৱাখনা মহাবিদ্যালয় (স্বায়ত্তশাসিত)ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ দশৰথ পাঠক আৰু নাই

author-image
Asomiya Pratidin
New Update
120

ডিজিটেল সংবাদ, ঢকুৱাখনা : ঢকুৱাখনাত উচ্চ শিক্ষা প্ৰসাৰণত বৰেণ্য অৱদান আগবঢ়াই যোৱা ঢকুৱাখনা মহাবিদ্যালয় (স্বায়ত্তশাসিত)ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ দশৰথ পাঠক আৰু নাই। দেওবাৰে বিয়লি প্ৰায় ৪ -৩০ বজাত প্ৰবীণ শিক্ষাবিদগৰাকীয়ে নিজা বাসগৃহত বাৰ্ধক্যজনিত কাৰণত ইহলীলা সম্বৰণ কৰে।

নলবাৰী জিলাৰ টিহু নিবাসী পাঠকে ১৯৬৭ চনত  ঢকুৱাখনা মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ প্ৰবক্তা হিচাপে শিক্ষকতা জীৱনৰ পাতনি মেলিছিল। তেওঁ ১৯৯০ চনৰ পৰা ২০০১ চনলৈকে ঢকুৱাখনা মহাবিদ্যালয়ৰ উপাধ্যক্ষ হিচাপেও নিষ্ঠাবান দায়িত্ব পালন কৰিছিল ।

ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বীৰ দায়িত্বও অতি নীতি নিষ্ঠতাৰে আগবঢ়াই যোৱা পাঠকৰ অমায়িক, স্বল্পভাষী আৰু পৰিশীলিত জীৱন চৰ্যাই ঢকুৱাখনাবাসীক সন্মোহিত কৰিছিল। মহাবিদ্যালয়খনৰ বিভিন্ন সময়ৰ জটিল ক্ষণত অতি বিচক্ষণতাৰে সেৱা আগবঢ়াই যোৱা প্ৰবীণ শিক্ষাবিদগৰাকীয়ে ২০০১ চনত উপাধ্যক্ষ হিচাপে অৱসৰগ্ৰহণ কৰিছিল।

প্ৰায় ৮৫ বছৰ বয়সত নিজা বাসগৃহত পৰলোকপ্ৰাপ্তি ঘটা পাঠকৰ বিয়োগত মর্মাহত হৈ পৰিছে ঢকুৱাখনা মহাবিদ্যালয় পৰিয়াল । মহাবিদ্যালয়ৰ প্ৰায় প্ৰতিষ্ঠাকালৰে পৰা ঢকুৱাখনা মহাবিদ্যালয়ৰ প্ৰতি পাঠকে আগবঢ়াই যোৱা অতুল্য শৈক্ষিক অৱদানৰ সশ্ৰদ্ধ স্মৰণ কৰি সোমবাৰে মহাবিদ্যালয়ত অনুষ্ঠিত কৰা হয় শোকসভা ।

মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ যোগানন্দ সূত, উপাধ্যক্ষ চিত্ৰ কুমাৰ কোচে পাঠকৰ অতুল্য অৱদানৰ সন্দৰ্ভত বিস্তৃত অবলোকন কৰি প্ৰতিষ্ঠাকালীন সেৱাৰ একেমুখে  শলাগ লয় । মহাবিদ্যালয়ৰ সমূহ শিক্ষক কৰ্মচাৰীৰ লগতে শিক্ষাৰ্থীসকলৰ উপস্থিতিত অনুষ্ঠিত হয় শোকসভা ।

মহাবিদ্যালয়খনৰ বিদ্যায়তনিক উত্তৰণৰ অন্যতম অংশীদাৰ পাঠকৰ আত্মোস্বৰ্গী মনোভাবক স্মৰণ কৰি অধ্যক্ষ, উপাধ্যক্ষই বক্তব্য আগবঢ়ায় । মহাবিদ্যালয়ৰ পৰিয়ালে পাঠকৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি বিদেহ আত্মাৰ সদগতি কামনা কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে । পাঠকে মৃত্যুৰ সময়ত পত্নী এজন পুত্ৰ ,এগৰাকী কন্যাসহ অজস্ৰ গুণমুগ্ধক ইহ সংসাৰত এৰি থৈ যায় ।

dhakuakhana