/asomiyapratidin/media/media_files/2025/11/04/129-2025-11-04-12-45-35.jpg)
ডিজিটেল ডেস্ক : বিজেপিৰে সম্পৰ্ক ছেদ কৰি আঞ্চলিক দললৈ মন মেলিছে জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁয়ে। শেহতীয়াকৈ তেওঁ আনুষ্ঠানিকভাৱে যোগ দিব অসম জাতীয় পৰিষদত।
কাৰ্যতঃ তেওঁৰ পৰৱৰ্তী ঠিকনা হ’ব ৰাজ্যৰ অন্যতম আঞ্চলিক দল অসম জাতীয় পৰিষদ। ইতিমধ্যে তেওঁৰ যোগদান নিশ্চিত হোৱা বুলি জানিব পৰা গৈছে। এতিয়া মাত্ৰ আনুষ্ঠানিকতাহে বাকী।
প্ৰণিধানযোগ্য যে, ৰাজ্যিক বিজেপিৰ শেহতীয়া কাম- কাজত অসন্তুষ্ট হৈ তেওঁ চলিত বৰ্ষৰ ৯ অক্টোবৰত বিজেপিৰ সকলো দায়িত্ব পৰা পদত্যাগ কৰিছিল। গোহাঁয়ে বিজেপিত থকা দীৰ্ঘকালীন সময়ছোৱাত ৰাজ্যিক বিজেপিৰ সভাপতিৰ উপৰিও কেন্দ্ৰীয় মন্ত্ৰীৰো আসন অলংকৃত কৰিছিল।
ৰাজেন গোহাঁই ১৯৯১ চনৰ পৰাই ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী সক্ৰিয় সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। লগতে গোহাঁয়ে লোকসভাৰ সদস্য হিচাপে ৪টা কাৰ্যকাল কাৰ্যনিৰ্বাহ কৰিছিল।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us