প্ৰাক্তন কেন্দ্ৰীয় গৃহমন্ত্ৰী শিৱৰাজ পাটিলৰ দেহাৱসান

শিৱৰাজ পাটিল এগৰাকী প্ৰভাৱশালী কংগ্ৰেছ নেতা হিচাপে ৭ বাৰকৈ লাটুৰ লোকসভা সমষ্টিত জয়ী হৈছিল। ২০০৪ চনৰ পৰা ৰাজ্যসভাৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ অন্যান্য পদৰ লগতে গৃহমন্ত্ৰীৰ পদতো শিৱৰাজ পাটিল অধিষ্ঠিত হৈছিল। তেখেতৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে কংগ্ৰেছ দলে। 

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ প্ৰাক্তন কেন্দ্ৰীয় গৃহমন্ত্ৰী শিৱৰাজ পাটিলৰ দেহাৱসান। দীৰ্ঘদিন ধৰি হৈ থকা অসুস্থতাৰ অন্তত মহাৰাষ্ট্ৰত শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। ৯১ বছৰ বয়সত দেহাৱসান ঘটে প্ৰাক্তন কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ। 

home minister Shivraj Patil passes away ...

উল্লেখ্য যে, ১৯৩৫ চনৰ ১২ অক্টোবৰত লাটুৰ জিলাৰ চাকুৰত শিৱৰাজ পাটিলে জন্মগ্ৰহণ কৰিছিল। ১৯৬৭ চনৰ পৰা ১৯৬৯ চনলৈ তেওঁ লাটুৰ পৌৰ নিগমত কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৯১ চনৰ পৰা ১৯৯৬ চনলৈ লোকসভাৰ অধ্যক্ষ হিচাপেও কাৰ্যনিৰ্বাহ কৰা তেখেতে ওছমানিয়া বিশ্ববিদ্যালয়ৰ পৰা বিজ্ঞান শাখাত স্নাতক ডিগ্ৰী লাভ কৰাৰ লগতে মুম্বাই বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল। 

Congress leader and former Union ...

প্ৰণিধানযোগ্য যে, শিৱৰাজ পাটিল এগৰাকী প্ৰভাৱশালী কংগ্ৰেছ নেতা হিচাপে ৭ বাৰকৈ লাটুৰ লোকসভা সমষ্টিত জয়ী হৈছিল। ২০০৪ চনৰ পৰা ৰাজ্যসভাৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ অন্যান্য পদৰ লগতে গৃহমন্ত্ৰীৰ পদতো অধিষ্ঠিত হৈছিল। তেখেতৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে কংগ্ৰেছ দলে। 

Shivraj Patil Passes Away at 90 in Latur 

শিৱৰাজ পাটিল