/asomiyapratidin/media/media_files/2025/08/18/ijjjd-2025-08-18-13-26-42.jpg)
ডিজিটেল সংবাদ, ইটানগৰঃ সদৌ অৰুণাচল প্ৰদেশ ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি টাকাম টাটুঙৰ যোৱা দেওবাৰে নাহৰলগুনৰ এখন চিকিৎসালয়ত পৰলোকপ্ৰাপ্তি হয়। ১৯৮২ চনৰ ১২ জুলাইত ক্ৰা দাদী জিলাত জন্মগ্ৰহণ কৰা টাটুং বিদ্যালয়ত পঢ়া সময়ৰ পৰাই ছাত্ৰ আন্দোলনত জড়িত আছিল।
সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ (আপছু) ক্ৰীড়া সম্পাদক, বিত্ত সম্পাদক, ইডিটৰ আদি পদত সফলতাৰে কাৰ্যনিৰ্বাহ কৰা টাটুঙ ২০০৯ চনত আপছুৰ সভাপতি নিৰ্বাচিত হয়। এগৰাকী সুদক্ষ কাৰাটে খেলুৱৈ টাটুঙে ডেৰাডুনত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় ওকাজাকি কাৰাটে প্ৰতিযোগিতাত ২০০৪ চনত সোণৰ পদক লাভ কৰে।
আপছুৰ সভাপতি হৈ থকাৰ সময়ত টাটুঙে অৰুণাচল প্ৰদেশৰ চৰকাৰী চাকৰীত ৫ শতাংশ পদ খেলুৱৈৰ বাবে সংৰক্ষণ কৰাত আগ-ভাগ লৈছিল। অৰুণাচল প্ৰদেশত অবৈধ বাংলাদেশীৰ অনুপ্ৰবেশৰ বিৰুদ্ধেও তেওঁ ব্যাপক আন্দোলন গঢ়ি তুলিছিল। সেই সময়ত চীনে অৰুণাচল প্ৰদেশক চীনৰ অংগ বুলি দাবী কৰাৰ প্ৰতিবাদত দিল্লীৰ জন্তৰ-মন্তৰত কেইবাবাৰৈ চীনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল।
টাটুঙ বিগত কেইবাছৰ ধৰি কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈ চিকিৎসা গ্ৰহণ কৰি আছিল যদিও মাত্ৰ ৪৩ বছৰ বয়সতে মৃত্যুক আকোঁৱালি লয়। আজি টাটুঙৰ নাহৰলগুনৰ পাপু নালাত থকা বাসগৃহৰ চৌহদতে তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয়। মৃত্যুৰ সময়ত তেওঁ তিনিগৰাকী পত্নী, চাৰিটা পুত্ৰ আৰু তিনিগৰাকী কণ্যাক ইহসংসাৰত এৰি থৈ যায়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us