Advertisment

স্বৰ্ণ মন্দিৰত গুলীচালনা! প্ৰাক্তন মুখ্যমন্ত্ৰীক হত্যাৰ চেষ্টা...

স্বৰ্ণ মন্দিৰৰ সমীপত নিৰাপত্তাৰক্ষীৰ সৈতে জপ কৰি থকা সময়তে সুখবীৰ বাদলক পিষ্টল উলিয়াই হত্যাৰ চেষ্টা কৰে নাৰায়ণ সিং চৌৰা নামৰ খালিস্তানী সদস্যজনে। লগে লগে বাদলৰ নিৰাপত্তাৰক্ষীয়ে অভিযুক্তক আটক কৰি আৰক্ষী গতাই দিয়ে।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
q

ডিজিটেল ডেস্কঃ  অমৃতসৰৰ স্বৰ্ণ মন্দিৰত সংঘটিত হৈছে এক ভয়াৱহ কাণ্ড। আৰক্ষী আয়ুক্ত গুৰপ্ৰীত সিং ভুলাৰৰ পৰা পোৱা তথ্য অনুসৰি, মন্দিৰৰ সমীপত শিৰোমণি আকালি দলৰ নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সুখবীৰ সিং বাদলক হত্যাৰ চেষ্টা চলাই এজন খালিস্তানী সংগঠনৰ সদস্যই। আৰক্ষীয়ে ইতিমধ্যে অভিযুক্তক গ্ৰেপ্তাৰ কৰা লগতে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। ইতিমধ্যে সমগ্ৰ ঘটনাৰ ভিডিঅ' সামাজিক মাধ্যমত চৰ্চিত হৈ পৰিছে।

Advertisment

জানিব পৰা মতে, আজি পুৱা স্বৰ্ণ মন্দিৰৰ সমীপত নিৰাপত্তাৰক্ষীৰ সৈতে জপ কৰি থকা সময়তে সুখবীৰ বাদলক হাথিয়াৰ উলিয়াই হত্যাৰ চেষ্টা কৰে নাৰায়ণ সিং চৌৰা নামৰ খালিস্তানী সংগঠনৰ সদস্যজনে। লগে লগে বাদলৰ নিৰাপত্তাৰক্ষীয়ে অভিযুক্তক আটক কৰি আৰক্ষীক গতাই দিয়ে।

উল্লেখ কৰা প্ৰয়োজন যে, অভিযুক্ত নাৰায়ণ সিং চৌৰা "খালসা" সন্ত্ৰাসবাদী সংগঠনৰ সৈতে জৰিত। তেওঁ চণ্ডীগড় জেল ব্ৰেক কাণ্ডৰ এজন অন্যতম দোষী বুলি জানিব পৰা গৈছে। ২০০৪ চনত জেল ভাঙি ৪ জন কয়দীয়ে পলায়ন কৰিছিল। সেই ঘটনাত কয়দী কেইজনক সহায় কৰিছিল নাৰায়ণ সিঙে। ৯৪ ফুট দীঘল সুৰংগ খান্দি জেলৰ পৰা পলায়ন কৰিছিল চাৰিওজন কয়দী। অৱশ্যে এই গোচৰত আদালতে অভিযুক্তক দোষমুক্ত কৰিছিল। 

অবৈধ কাৰ্যকলাপ (প্ৰতিৰোধ) আইনৰ অধীনত অমৃতসৰ কেন্দ্ৰীয় কাৰাগাৰত ৫ বছৰ থকাৰ পিছত জামিনত ওলাই আহিছিল নাৰায়ণ সিং চৌৰা। খালিস্তান লিবাৰেচন ফৰ্চ আৰু আকল ফেডাৰেচনৰ লগত জড়িত আছিল নাৰায়ণ সিং। যোৱা ২৮ ফেব্ৰুৱাৰীত তেওঁ তৰ্ণ তৰণৰ জালালাবাদ গাঁৱৰ পৰা গ্ৰেপ্তাৰ হৈছিল। সেইদিনা তেওঁৰ সহযোগী সুখদেৱ সিং আৰু গুৰিন্দৰ সিঙো ধৰা পৰে।

ইয়াৰ পিছতে তেওঁৰ জেৰাৰ ভিত্তিত আৰক্ষীয়ে মোহলী জিলাৰ কুৰালী গাঁৱৰ এটা আত্মগোপন স্থানত অভিযান চলাই থিতাতে অস্ত্ৰ-শস্ত্ৰ আৰু গোলা-বাৰুদৰ ভঁৰাল উদ্ধাৰ কৰা বুলি দাবী কৰে। তেওঁৰ বিৰুদ্ধে প্ৰায় ১২ টাকৈ গোচৰ ৰুজু হৈছে।

আৰক্ষীয়ে জনোৱা মতে, অমৃতসৰৰ চিভিল লাইন থানাতো বিস্ফোৰক আইনৰ অধীনত নাৰায়ণ সিং চৌৰাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। অমৃতসৰ, তৰ্ণ তৰণ আৰু ৰোপাৰ জিলাৰ অবৈধ কাৰ্যকলাপ (প্ৰতিৰোধ) আইনৰ অধীনত থকা গোচৰতো তেওঁ অভিযুক্ত।

আৰক্ষীয়ে জনোৱা মতে, ১৯৮৪ চনত নাৰায়ণ পাকিস্তানলৈ গৈছিল। বিদ্ৰোহৰ প্ৰাৰম্ভিক পৰ্যায়ত পাঞ্জাৱলৈ অস্ত্ৰ আৰু বিস্ফোৰক সামগ্ৰীৰ বৃহৎ সৰবৰাহৰ ক্ষেত্ৰত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। পাকিস্তানত থকাৰ সময়ত তেওঁ গেৰিলা যুদ্ধ আৰু “বিদ্ৰোহী” সাহিত্যৰ ওপৰত এখন কিতাপ লিখিছিল বুলি জানিব পৰা গৈছে। 

স্বৰ্ণ মন্দিৰ