প্ৰাক্তন ন্যায়াধীশ সুশীলা কাৰ্কী হ'ব নেপালৰ অন্তৱৰ্তীকালীন চৰকাৰৰ প্ৰধানমন্ত্ৰী

জল্পনাৰ অন্ত পেলাই চূড়ান্ত হ’ল নেপালৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰীৰ নাম। নেপালৰ অন্তৱৰ্তীকালীন চৰকাৰৰ প্ৰধানমন্ত্ৰী হ'ব প্ৰাক্তন ন্যায়াধীশ সুশীলা কাৰ্কী। 

author-image
Asomiya Pratidin
New Update
321

ডিজিটেল ডেস্ক : জল্পনাৰ অন্ত পেলাই চূড়ান্ত হ’ল নেপালৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰীৰ নাম। নেপালৰ অন্তৱৰ্তীকালীন চৰকাৰৰ প্ৰধানমন্ত্ৰী হ'ব প্ৰাক্তন ন্যায়াধীশ সুশীলা কাৰ্কী। 

ৰাষ্ট্ৰীয় সংবাদ সংস্থাৰ খবৰ অনুসৰি শুকুৰবাৰে নিশা প্ৰধানমন্ত্ৰী হিচাপে কাৰ্কীয়ে শপতগ্ৰহণ কৰাৰ সম্ভাৱনা আছে। ইফালে প্ৰাক্তন ন্যায়াধীশ কাৰ্কীক প্ৰধানমন্ত্ৰী হিচাপে মনোনীত কৰাৰ পাছতে নেপালৰ বৰ্তমানৰ সংসদখন সম্পূৰ্ণৰূপে ভংগ হ’ব বুলি ঘোষণা কৰা হৈছে। 

প্ৰণিধানযোগ্য যে, সদ্যপদত্যাগী প্ৰধানমন্ত্ৰী কে পি শৰ্মাৰ পদত্যাগৰ পিছতে নেপাল চৰকাৰৰ পতন ঘটিছিল। গতিকে এইবাৰ নতুন নিৰ্বাচন অনুষ্ঠিত নোহোৱা পৰ্যন্ত অন্তৱৰ্তীকালীন চৰকাৰৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিব সুশীলা কাৰ্কীয়ে।

নেপাল