/asomiyapratidin/media/media_files/2026/02/24/askirankumar-2026-02-24-19-57-52.jpg)
নিউজ ডেস্কঃ আছাম ৰ’য়েল গ্ল’বেল ইউনিভাৰ্চিটিৰ পদাৰ্থ বিজ্ঞান বিভাগৰ উদ্যোগত মঙলবাৰে ‘ভিজন ফৰ ইণ্ডিয়ান স্পেচ ছাগা’ শীৰ্ষক এক অনুষ্ঠান অনুষ্ঠিত কৰা হয়। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰ’ৰ প্ৰাক্তন অধ্যক্ষ এ এছ কিৰণ কুমাৰে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে। লগতে বিশ্ববিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী, অধ্যাপক, গৱেষক আৰু বিশিষ্ট অতিথিসকলো উপস্থিত থাকে এই অনুষ্ঠানত।
উক্ত অনুষ্ঠানটিত এ এছ কিৰণ কুমাৰে জনাই যে- ISRO-এ কেৱল ৰাষ্ট্ৰীয় মহাকাশ বিজ্ঞান আৰু প্ৰযুক্তি খণ্ডতেই নহয়, সৰ্বসাধাৰণৰ দৈনন্দিন জীৱনতো গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাইছে। ISRO-এ কৌশলগতভাৱে বিশ্বজুৰি উপলব্ধ প্ৰযুক্তিসমূহ ব্যৱহাৰ কৰাৰ লগতে, যিবোৰ গুৰুত্বপূৰ্ণ প্ৰযুক্তি সহজলভ্য নহয়, সেইবোৰ ভাৰততেই উন্নয়ন কৰি ভাৰতৰ প্ৰযুক্তিগত স্বাৰ্বভৌমত্ব অধিক সুদৃঢ় কৰিছে।
ভাৰতৰ মহাকাশ প্ৰ’গ্ৰামৰ আগন্তুক ৰ’ডমেপৰ কথা উল্লেখ কৰি ইছৰ’ৰ প্ৰাক্তন অধ্যক্ষগৰাকীয়ে ভাৰতীয় মহাকাশচাৰীক (গগননট) মহাকাশলৈ পঠোৱাৰ লক্ষ্যৰ বিষয়ে ব্যক্ত কৰে। এই সন্দৰ্ভত তেওঁ গগননট (Gagannauts) কাৰ্যসূচীৰ বিষয়ে উল্লেখ কৰি কয় যে- ই আমাৰ দেশৰ বাবে এক ঐতিহাসিক পদক্ষেপ হ’ব।
তেওঁ লগতে ২০৪০ চনৰ ভিতৰত চন্দ্ৰত নিৰাপদে মানৱ অৱতৰণ আৰু পুনৰ পৃথিৱীলৈ ঘূৰাই অনাৰ লক্ষ্যৰ কথাও স্পষ্টভাৱে প্ৰকাশ কৰে। এই ক্ষেত্ৰত Indian Space Research Organisation-এ গ্ৰহণ কৰা পৰিকল্পনা আৰু প্ৰস্তুতিসমূহে ভাৰতক বিশ্বৰ আগশাৰীৰ মহাকাশ শক্তি হিচাপে প্ৰতিষ্ঠা কৰাৰ দিশত আগুৱাই নিব।
ইফালে, বিশ্ববিদ্যালয়খনৰ অধ্যাপক ড০ ধ্ৰুবজ্যোতি বৰাই এখন ৰাষ্ট্ৰ গঢ়াৰ ক্ষেত্ৰত বৈজ্ঞানিক গৱেষণা আৰু উদ্ভাৱনৰ ৰূপান্তৰকাৰী ভূমিকাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে। তেওঁ Indian Space Research Organisation (ISRO)-ৰ অসাধাৰণ সফলতাসমূহৰ ভূয়সী প্ৰশংসা কৰি কয়- এই সফলতাসমূহে সমগ্ৰ দেশবাসীক গৌৰৱান্বিত কৰিছে। লগতে তেওঁ ছাত্ৰ-ছাত্ৰীসকলক বৈজ্ঞানিক মনোভাৱ গঢ়ি তুলিবলৈ আহ্বান জনায়।
আনহাতে, বিশ্ববিদ্যালয়খনৰ ইছৰ’ৰ প্ৰাক্তন অধ্যক্ষগৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মহাকাশ অভিযান, গৱেষণাৰ সম্ভাৱনা আৰু মহাকাশ খণ্ডত কৰ্ম-সুযোগ সন্দৰ্ভত মতবিনিময় কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us