প্ৰাক্তন শিক্ষামন্ত্ৰী থানেশ্বৰ বড়োৰ বিয়োগত ভিন্ন দল-সংগঠনৰ গভীৰ শোক প্ৰকাশ..

প্ৰাক্তন শিক্ষামন্ত্ৰী থানেশ্বৰ বড়োৰ বিয়োগত ভিন্ন দল-সংগঠনৰ গভীৰ শোক প্ৰকাশ..

author-image
Asomiya Pratidin
New Update
মন্ত্ৰী অতুল বৰা-কেশৱ মহন্তৰ তৎপৰতাত প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়োক জিএমচিত ভৰ্তি

ডিজিটেল সংবাদ,গুৱাহাটীঃ অসমৰ প্ৰাক্তন শিক্ষামন্ত্ৰী থানেশ্বৰ বড়োৰ বিয়োগত ৰাজ্যৰ ভিন্ন দল-সংগঠনে গভীৰ শোক প্ৰকাশ কৰে। মানৱতাবাদী শিক্ষাবিদ, প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়োৰ বিয়োগত বহুভাষিক সাহিত্য‌‌ মঞ্চ, অসম চমুকৈ বহুবাক ৰ প্ৰধান সম্পাদক দীপক শৰ্মা, চৰকাৰী পেন্সনাৰ সন্থা, অসমৰ সম্পাদক ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, অসম সাহিত্য সভাৰ সাংস্কৃতিক উপ-সমিতিৰ কাৰ্যকৰী সভাপতি দেবেন্দ্ৰ নাথ বসুমতাৰী আৰু আহ্বায়ক অৱনী ৰঞ্জন পাঠক, নিখিল বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য পৰিষদৰ সভাপতি দিলস্ লক্ষ্মীন্দ্ৰ সিংহ, নাথ সাহিত্য সভা, অসমৰ সভাপতি ড০ হৰ কুমাৰ নাথ, নিখিল ৰাভা লেখিকা সমাৰোহ সমিতিৰ উপদেষ্টা ড০ মলিনা দেৱী ৰাভাই শোক প্ৰকাশ কৰে।

আজি পুৱা বিয়োগ হোৱা অগপ নেতাগৰাকীক সোঁৱৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সহকাৰী সম্পাদক কমল কলিতা, সদৌ অসম মহিলা কৰ্মচাৰী সন্থাৰ সহকাৰী সম্পাদক মীনাক্ষি সিনহা, বিশিষ্ট গীতিকাৰ- কবি-সমাজ সচেতন লেখক শচীন দাস, প্ৰবীণ কন্ঠশিল্পী ডিজেন কাকতী, সংগ্ৰামী কৃষক শ্ৰমিক সংঘ, অসমৰ সাধাৰণ সম্পাদক দীনেশ দাস, মানুহ আৰু পৰিৱেশ, অসমৰ সভাপতি কমল চন্দ্ৰ মেধি, দক্ষিণ কামৰূপ সচেতন মঞ্চৰ অধ্যক্ষ মদন দাস, বয়োজ্যেষ্ঠ কবি-সাহিত্যিক দুৰ্গা প্ৰসাদ শৰ্মা, অসম শিশু সাহিত্য সমাজ, পৰাগজ্যোতি প্ৰকাশন, বামুণীমৈদান লেখিকা সংস্থাৰ সম্পাদিকা পুতুলী ঠাকুৰীয়া মেধি, মাহেকীয়া আলোচনী সংযোগ ৰ সম্পাদকীয় সম্পাদক প্ৰশান্ত গগৈ, আজাৰা সাহিত্য সভাৰ উপ-সভাপতি বুলু কুমাৰী বড়া আদি দল-সংগঠনে।

আমি এগৰাকী সততাৰ ৰাজনীতিবিদক হেৰুৱালো বুলি মন্তব্য কৰে সকলোৱে।

Also Read: চিলাপথাৰত নৱম শ্ৰেণীৰ ছাত্ৰ সন্ধানহীন

thaneshwar boro died former minister thaneshwar boro