প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে বৃন্দাবনী বস্ত্ৰ অসমলৈ আনিবলৈ বিচৰা নাছিল বুলি অভিযোগ প্ৰৱাসী অসমীয়াৰ

প্রবাসী ভাৰতীয় ৰিণি কাকতিৰ ভাষ্যত এই কথা স্পষ্ট, কংগ্ৰেছ চৰকাৰৰ সময়ত অসমীয়াৰ শতাব্দী–প্ৰাচীন পৰিচয়টো প্ৰতিষ্ঠা কৰাৰ সৎ চেষ্টা বা আগ্ৰহ দুইটোয়েই অনুপস্থিত আছিল।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,লণ্ডনঃ   শংকৰদেৱৰ অমূল্য সৃষ্টি 'বৃন্দাবনী বস্ত্ৰ' অসমীয়াৰ ধৰ্মীয়-সাংস্কৃতিক ঐতিহ্যই নহয়, ই সমগ্ৰ দক্ষিণ-পূৰ্ব এছিয়াৰ সংস্কৃতি চিন্তাৰ এক যুগান্তকাৰী নিদৰ্শন। বৃন্দাবনী বস্ত্ৰ হৈছে ভগৱান শ্ৰীকৃষ্ণৰ শিশুকালৰ লীলাসমূহৰ চিত্ৰ বৰ্ণনাৰে অসমীয়া শিপিনীয়ে বৈ উলিওৱা এখন অমূল্য বস্ত্ৰ।

WhatsApp Image 2025-11-20 at 3.35.22 PM

বৰপেটাৰ তাঁতীকুছিৰ শিপিনীসকলৰ দ্বাৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তত্ত্বাৱধানত,গোপাল আতাৰ নেতৃত্বত বৈ উলিওৱা এই বৃন্দাবনী বস্ত্ৰ  ১৯০৪ চনৰ পৰা সংৰক্ষিত হৈ আছে লণ্ডনস্থিত ভিক্টোৰিয়া আৰু এলবাৰ্ট সংগ্ৰহালয়ত। কিন্তু দুঃখজনকভাৱে, এই মূল্যবান সম্পদবিধ অসমলৈ আনিবলৈ পূৰ্বৰ কোনো চৰকাৰে যথেষ্ট সদিচ্ছা দেখুওৱা নাছিল।

বিশেষকৈ কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰৰ অৱহেলা আজিও সমালোচনাৰ কেন্দ্ৰস্থল। এই সমগ্ৰ ঘটনা সন্দৰ্ভত মত প্ৰকাশ কৰিছে বহু বছৰ ধৰি লণ্ডনত বাস কৰা এগৰাকী প্রবাসী ভাৰতীয় ৰিণি কাকতিয়ে।

WhatsApp Image 2025-11-20 at 3.41.02 PM

তেওঁ কয়, মই তেতিয়াৰ মুখ্যমন্ত্রী তৰুণ গগৈৰ সৈতে বহুবাৰ কথা পাতিছিলোঁ, কিন্তু একো ফল পোৱা নাছিলোঁ। মোৰ এটাই আশা আছিল যে নতুন চৰকাৰ আহিলে এইক্ষেত্রত পদক্ষেপ গ্রহণ কৰিব। তেখেতে জনোৱা অনুসৰি মুখ্যমন্ত্রী গগৈয়ে বৃন্দাবনী বস্ত্র লণ্ডনত থকাটোৱেই উচিত বুলি উল্লেখ কৰিছিল। প্রবাসী ভাৰতীয় ৰিণি কাকতিৰ ভাষ্যত এই কথা স্পষ্ট, কংগ্ৰেছ চৰকাৰৰ সময়ত অসমীয়াৰ শতাব্দী–প্ৰাচীন পৰিচয়টো প্ৰতিষ্ঠা কৰাৰ সৎ চেষ্টা বা আগ্ৰহ দুইটোয়েই অনুপস্থিত আছিল।

WhatsApp Image 2025-11-20 at 3.41.04 PM

আনহাতে, সেয়া আছিল ২০১৩ চনৰ কথা। বিধান সভাত তেতিয়াৰ বিৰোধী বিধায়ক ৰণজিৎ কুমাৰ দাসে সাংস্কৃতিক পৰিক্রমা দপ্তৰৰ মন্ত্রী প্রণতি ফুকনক সোধা প্রশ্নৰ উত্তৰত অসম চৰকাৰে বৃন্দাবনী বস্ত্র অনাৰ দিশত অক্ষমতা কথা প্রকাশ কৰিছিল। তেওঁ স্বীকাৰ কৰিছিল - বস্ত্ৰখনিৰ দর্শন কৰিব পোৱাটোৱেই অতি কঠিন যেন লাগিছে, কাৰণ মিউজিয়াম কর্তৃপক্ষই যিকোনো ক্ষতিৰ বাবে সুৰক্ষা আৰু বীমাৰ ক্ষেত্ৰত কঠোৰ পূৰ্ব-চৰ্ত আৰোপ কৰি ৰাখিছে।

শ্রীমতী ফুকনে লগতে উল্লেখ কৰিছিল যে বিগত বর্ষৰ ২০১২ চনৰ ২৯ মে’ত মিউজিয়ামলৈ এখন পত্র প্রেৰণ কৰিছিল যদিও কোনো উত্তৰ এবছৰে পোৱা নাছিল।  এই প্রসংগৰে আন এটি প্রেক্ষাপটত বস্ত্রখনি অনাৰ বাবে কেন্দ্রীয় চৰকাৰক হেঁচা প্রয়োগ কৰিবলৈ কেবিনেটৰ জৰিয়তে সিদ্ধান্ত লোৱা উচিত বুলি বিৰোধীয়ে প্রস্তাৱ কৰোঁতে এই বিষয়টো ভাবি চোৱা নাই বুলি দায়সৰা ধৰণৰ মন্তব্য আগবঢ়াইছিল।

WhatsApp Image 2025-11-20 at 3.41.08 PM

আনকি, বর্তমানৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাৰ চৰকাৰে ৰাজনৈতিক সদিচ্ছা, সাংস্কৃতিক দায়িত্ববোধ আৰু পৰিচালনাগত ক্ষমতাৰ এক যোগসূত্র গঠন কৰি বিষয়টোৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। যোৱা ১৭ নৱেম্বৰত ব্রিটিছ মিউজিয়ামৰ সৈতে চুক্তিসদৃশ ‘লেটাৰ অৱ ইণ্টেণ্ট’ স্বাক্ষৰ হোৱাই অসমলৈ বৃন্দাবনী বস্ত্ৰৰ আগমন নিশ্চিত কৰিছে।

২০২৭ চনত অসমবাসীয়ে নিজৰ চকুতেই এই ঐতিহাসিক সম্পদ দেখিবলৈ পাব। ই এক দৃষ্টান্তমূলক পদক্ষেপ। পূৰ্বৰ চৰকাৰৰ অৱহেলা, আমলাতান্ত্ৰিক জড়তা আৰু সাংস্কৃতিক মূল্যবোধৰ অভাৱৰ বিপৰীতে, বর্তমান চৰকাৰে দৃঢ়তা, সঠিক ব্যৱস্থাপনা আৰু অসমীয়াৰ ঐতিহ্য প্ৰতিষ্ঠাৰ হেঁপাহক বাস্তৱ ৰূপ দেখুৱাইছে।

WhatsApp Image 2025-11-20 at 3.41.06 PM

 বৃন্দাবনী বস্ত্ৰ অসমলৈ অনা নিশ্চয়তাই সাংস্কৃতিক পুনৰুজ্জীৱনে নহয়- পূর্বৰ কংগ্ৰেছ চৰকাৰৰ সীমাবদ্ধতা আৰু ব্যৰ্থতাকো স্পষ্টভাৱে উন্মোচিত কৰি দিছে।

বৃন্দাবনী বস্ত্ৰ