/asomiyapratidin/media/media_files/2025/06/12/26jnNDNCRUxtBJGU4384.jpg)
ডিজিটেল ডেস্ক : অভিশপ্ত ১২ জুন ২০২৫ ! আজিৰ এই দিনটোতে কালিকা লাগিল আহমেদাবাদত। বৃহস্পতিবাৰে আহমেদাবাদৰ পৰা লণ্ডন অভিমুখে উৰা মৰা এয়াৰ ইণ্ডিয়াৰ এ আই- ১৭১ নম্বৰৰ বিমানখন উৰণৰ মাত্ৰ ৫ মিনিট পাছতে অনাকাঙ্খিত দুৰ্ঘটনাত পতিত হয়।
উল্লেখযোগ্য যে, দুপৰীয়া আহমেদাবাদৰ পৰা ২৪২ গৰাকী যাত্ৰী কঢ়িয়াই নিয়া এই বিমানখন মুহূৰ্ততে চূৰমাৰ হৈ পৰে। তাৰোপৰি বিমানখনৰ এটা অংশ বি জে মেডিকেল কলেজৰ হোষ্টেলত সোমাই যোৱাৰ ফলত ৫গৰাকী শিক্ষাৰ্থী নিহত হোৱাৰ লগতে ৪০ গৰাকী আহত হয়। তাৰোপৰি বিমানখনত থকা আটাইকেইগৰাকী যাত্ৰী হতাহত হয়।
অতি শেহতীয়াকৈ জানিব পৰা মতে এই ভয়াৱহ দুৰ্ঘটনাত ২০৪ জন লোকে প্ৰাণ হেৰুওৱা বুলি আৰক্ষী আয়ুক্তই সদৰী কৰিছে। ইফালে বিমানখনত যাত্ৰীৰূপে থকা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীয়েও নিশা অকাল মৃত্যুক আঁকোৱালি লয়।
ইতিমধ্যে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ মৃত্যু সম্পৰ্কত নিশ্চয়তা প্ৰদান কৰিছে কেন্দ্ৰীয় মন্ত্ৰী তথা গুজৰাট বিজেপিৰ ৰাজ্যিক সভাপতি চি আৰ পাটিলে। প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি পাটিলে কয়- বিজয় ৰূপানী বিয়োগ দলৰ বাবে অপূৰণীয় ক্ষতি।
মৃত্যুৰ সময়ত প্ৰাক্তন মুখ্যমন্ত্ৰী ৰূপানীৰ বয়স আছিল ৬৮ বছৰ। উল্লেখ্য যে, পৰিয়াল তথা আত্মীয়ক লগ কৰাৰ উদ্দেশ্যে লণ্ডন অভিমুখে যাত্ৰা কৰিছিল প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে।
VIDEO | Ahmedabad Plane Crash: Union Minister and Gujarat BJP president, CR Patil (@CRPaatil) confirms former Gujarat CM Vijay Rupani's demise. Speaking to reporters, he says, "Our leader and former Chief Minister, Vijay Rupani, was going (to London) to meet his family. He is… pic.twitter.com/5c1VIk8KIb
— Press Trust of India (@PTI_News) June 12, 2025